Breaking

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট

0 2,031

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট নামে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। যোৱা দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ খেল প্ৰতিযোগিতা বা অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনা মহামাৰীৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত  খাগ্ৰাবাৰী এবছুয়ে ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্টৰ খেলখন খাগ্ৰাবাৰী জনতা খেল পথাৰত ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ সপ্তাহ জোৰা ফুটবল টুৰ্নামেন্টৰ আজি সুভ উদ্ধোধন কৰে।ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে সুভ উদ্ধোধন কৰা ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টত প্ৰথম দিনৰ প্ৰথম দুটা খেলুৱৈৰ দল
ডিমাকুছি ইউনাইটেড FC  আৰু গৰেশ্বৰ গাটছা ফুটবল দলক সুভেচ্ছা ও অভিনন্দন  জনোৱাৰ লগতে কয় যে খেলে মানুহক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ  কৰি ৰাখে। বৰ্তমান সময়ত বৃদ্ধিপোৱা চুৰ ডকাইতি ,ড্ৰাগচ, মাদক দ্ৰব্য সেৱন, জুৱাৰ খেল, ইত্যাদি অপৰাধজনিত কামৰ পৰাও মানুহক খেল বেষ্টতাৰ মাজেৰে হিংসান্তমক অপৰাধজনিত কামৰ পৰা মানুহক আতৰাই আনিব পাৰে।সেয়েহে সুদীৰ্ঘ ২৭ বছৰ ধৰি খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ফুটবল খেল অনুষ্ঠিত কৰা অহাক ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে ব্যাপক প্ৰশংসা কৰে।

Leave A Reply