Breaking

বাল্যবিবাহৰ গোচৰত গ্ৰেপ্তাৰ ৩,৯০৭ গৰাকী। দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ ৪৭৯ গৰাকী…

0 36

চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই ৩,৯০৭ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য অবগত কৰে বিধানসভাৰ মজিয়াত। ডঃ শৰ্মাই সদৰি কৰা তথ্যমতে বাল্যবিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা ৩,৩১৯ গৰাকীৰ বিৰুদ্ধে পছকো আইনৰ ধাৰাৰ অধীনত গোচৰ চলোৱা হৈছে। আনহাতে আদালতে ৬২ গৰাকক বাল্যবিবাহ প্ৰতিৰোধী আইনৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তি বিহা বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে। একেদৰে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানত মুঠ ৪৭৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বিগত পাঁচটা বছৰত দুৰ্নীতিৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ৩১৬ টা। ২০১৮ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ জুলাই পৰ্যন্ত চি আই ডিয়ে ৯১ টা গোচৰ ৰুজু কৰাৰ সমান্তৰাল কৈ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে ২০১৮ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ সময়চোৱাত ১৯৮ টা আৰু মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ২৭ গোচৰ পঞ্জীয়ন কৰে। গ্ৰেপ্তাৰ হোৱা মুঠ ৪৭৯ গৰাকীৰ বিপৰীতে ২৩৪ জনৰ বিৰুদ্ধে আদালতত কেচ ডায়েৰী দাখিল কৰা বুলিও ডঃ শৰ্মাই সদৰি কৰে। আনহাতে আৰক্ষীয়ে ৪৯১ গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনক জানিবলৈ দিয়ে।

Leave A Reply