Breaking

নগৰবেৰাৰ মালঞ্চাত ৪০ সংখ্যক সাৰ্বজনীন পালনাম মহোৎসৱ আয়োজন

0 2,044

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰগ্ৰাম মালঞ্চাত ২০ ,২১ আৰু ২২ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে সাৰ্ব্বজনীন পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মালঞ্চা জগন্নাথ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিতব্য পালনাম মহোৎসৱৰ কাৰ্যসূচী সমূহ যথাক্ৰমে-২০ মাৰ্চৰ পুৱা ৯-০০ বজাত ধৰ্মধ্বজা উত্তোলন ,৯-৩০ বজাত স্মৃতি তৰ্পণ ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ,১০-০০ বজাত গছপুলি ৰোপণ ,১০-৩০ বজাত সমূহীয়া চাফাই অভিযান ,সন্ধিয়া ৬-০০ বজাত ৪০ গছি বন্তি প্ৰজ্বলন ,৬-৩০ বজাত গাঁৱৰ পদূলিয়ে-পদূলিয়ে বন্তি প্ৰজ্বলন ,৭-০০ বজাত ভাগৱত আনয়ন ,৮-৩০ বজাত ভাগৱত স্থাপন ,৯-০০ বজাত ভড়াল স্থাপন ও অধিবাস ,২১ মাৰ্চৰ পুৱা-ব্ৰহ্মমুহুৰ্তত ভাগৱত স্থাপন প্ৰসঙ্গ(২৪) যুগল আৰু অখণ্ড পালনাম ,দিনৰ ১১-০০ বজাত আয়তী সকলৰ নাম-প্ৰসঙ্গ, আবেলি ২-০০ বজাত আমন্ত্ৰিত নামদলৰ নাম আৰু ২২ মাৰ্চৰ পুৱা ৭-০০ বজাত ভাগৱত ভ্ৰমণ, ১১-০০ বজাত সমূহীয়া প্ৰাৰ্থনা আৰু কেচাঁ প্ৰসাদ বিতৰণ, দুপৰীয়া ১-০০ বজাত প্ৰীতি ভোজ আৰু আবেলি ৪-০০ বজাৰ পৰা আয়তী নাম। পালনাম মহোৎসৱৰ তিনিও দিনৰ প্ৰতিটো কাৰ্যসূচীতে আয়োজক সমিতিৰ হৈ ক্ৰমে-সভাপতি-হেমচন্দ্ৰ কলিতা, উপ সভাপতি-মহেন্দ্ৰ পাঠক, মুখ্য সম্পাদকদ্বয়-ৰবেন দাস, ৰঞ্জিত মজুমদাৰ, সম্পাদকদ্বয়-নিশিকান্ত কলিতা, বিপুল কলিতা, সহঃসম্পাদকদ্বয়- শচীন দাস, কাৰ্তিক ঠাকুৰীয়া আদিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। 

Leave A Reply