Breaking

মৰিগাঁৱত শিক্ষক দিৱসত ৪৩ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

0 103

মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬২সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিষ্ণু প্ৰসাদ উপাধ্যায়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, শিক্ষকসকলৰ কান্ধত দেশৰ ভৱিষ্যৎ প্ৰজন্মক গঢ় দিয়াৰ গুৰুদায়িত্ব আছে আৰু মৰিগাঁও জিলাখনত নানা প্ৰত্যাহ্বানৰ মাজতো শিক্ষকসকলে এই দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। কেতিয়াবা নাৱেৰে গৈয়ো শিক্ষকসকলে চৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে।

তেওঁ শিক্ষকসকলৰ দায়বদ্ধতা আৰু মহানুভৱতাৰ শলাগ লয়। লগতে কেৱল পাঠ্যক্ৰমতে সীমাবদ্ধ নাথাকি শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে কৰা প্ৰয়াসৰ তেওঁ উচ্চ প্ৰশংসা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আচাৰ-ব্যৱহাৰ আৰু ব্যক্তিত্ব এনে হ’ব লাগে যে তেওঁলোকক দেখিলেই যাতে শ্ৰদ্ধাত সকলোৰে মুৰ দো খাই যায়।

তেওঁ এইক্ষেত্ৰত মৰিগাঁও জিলাৰ শিক্ষকসকলৰ ব্যৱহাৰ আৰু আচাৰ-আচৰণৰ ভূঁয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আমাৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াৰ দায়িত্ব শিক্ষকসকলৰ ওপৰতে ন্যস্ত আছে আৰু শিক্ষকসকল সেয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে চিৰনমস্য।

অনুষ্ঠানত ডঃ বিষ্ণু প্ৰসাদ উপাধ্যায়ে দিয়া ভাষণত কয় যে শিক্ষকসকলে মানৱ সম্পদ গঢ় দিয়াৰ বাবে প্ৰকৃত অৰ্থত সাধনা কৰিব লাগিব। সাধনাইহে এগৰাকী শিক্ষকক মহান শাৰীলৈ লৈ যাব পাৰে। তেওঁ কয় যে, এজন ভাল ছাত্ৰ যেতিয়া দেশৰ সু-নাগৰিক হয়, সেই ছাত্ৰজনে সমগ্ৰ বিশ্বক প্ৰতিনিধিত্ব কৰে। সেয়ে ছাত্ৰ এজনক গঢ় দিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। অনুষ্ঠানত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসেও ভাষণ দিয়ে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভুঞাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলাখনৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৪৩ গৰাকী কৃতী শিক্ষকক জিলা পৰ্যায়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, অসম উন্নতি সভাৰ নেতা অতনু শৰ্মা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Leave A Reply