Breaking

ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৪৩০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী অভিনন্দন

0 65

“অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নৱপ্ৰজন্মই শিক্ষা-দীক্ষাত আগবাঢ়ি যাব লাগিব। আজি ক্ৰমে ক্ৰমে বৃদ্ধি পাবলৈ ধৰা যুৱ উশৃংখলতাৰ বিপৰীতে এই সভাগৃহত বহি থকা চাৰি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী আমাৰ সমাজৰ বাবে এক সজীৱ আশা। কৃতী ছাত্ৰ হোৱা সমান্তৰালকৈ সুচৰিত্ৰৰ ছাত্ৰ হ’ব পাৰিলেহে এজন প্ৰকৃত মানুহ হ’ব পাৰিব। অসমৰ চুতীয়া জনগোষ্ঠীৰ এক সোণালী ইতিহাস আছে। কালৰ কুটিল চক্ৰত সোমাই থকা সেই ইতিহাস আজিৰ প্ৰজন্মই উদ্ধাৰ কৰিব লাগিব। চুতীয়াসকলৰ উত্তৰণ হোৱা মানে অসমীয়া জাতিৰো উত্তৰণ হোৱা।” দেওবাৰে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি নগৰস্থিত ৰাজহুৱা পেক্ষাগৃহত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা জিলাখনৰ চুতীয়া জনগোষ্ঠীৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰা এক অনুষ্ঠানত কৃতীমানসকলক উদ্দ্যেশি দিয়া বক্তব্যত এই দৰে মন্তব্য কৰে সাংবাদিক মৃদুপৱন চুতীয়াই।

দিনৰ ১২.৩০ বজাৰ পৰা ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি তিম চুতীয়াৰ সভাপতিত্বত আৰু জিলাৰ সাধাৰণ সম্পাদক অৰ্জুন প্ৰতিম চুতীয়াই আঁত ধৰা সম্বৰ্ধনা সভাখনিত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া আৰু উপ সভাপতি ইন্দ্ৰজিৎ চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য পৱন চুতীয়া আৰু মদন শইকীয়া, চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ড° সৰ্বেশ্বৰ চুতীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক আশানন্দ চুতীয়া, জোনাই জিলা চুতীয়া জাতি সন্মিলন সভাপতি ৰঞ্জিত শইকীয়া আৰু সম্পাদক গিৰিণ চুতীয়া, ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি গজেন চুতীয়া, সম্পাদক দিগন্ত চুতীয়া, সদৌ অসম চুতীয়া মহিলা সন্মিলন উপ সভানেত্ৰী গুণ চুতীয়া আৰু সাধাৰণ সম্পাদিকা অৰ্পণা চুতীয়া, চুতীয়া জাতি যুৱ সন্মিলন ধেমাজি জিলাৰ সভাপতি পিংকু কুমাৰ চুতীয়া, ধেমাজি বাণিজ্য মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, চমৰাজান গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা, মিছামাৰী পঞ্চায়তৰ সভাপতি বুবু শইকীয়া, ধেমাজি জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল চুতীয়া আদি উপস্থিত থাকে।

কীৰ্তিমানসকলক উদ্দ্যেশি মৃদুপৱন চুতীয়া, পৱন চুতীয়া, অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, পিংকু কুমাৰ চুতীয়া, ড০ সৰ্বেশ্বৰ চুতীয়া, গিৰীন চুতীয়া, অৰ্পণা চুতীয়া, সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজু চুতীয়া একাষাৰ বক্তব্য ৰাখে। ২৩০ কৃতী ছাত্ৰ-ছাত্ৰীক চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে।


-শম্ভু দাস, চিলাপথাৰ

Leave A Reply