Breaking

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৬২ সংখ্যক শিক্ষক দিৱস পালন

0 162

ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে৷

ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬২ সংখ্যক “শিক্ষক দিৱসৰ” লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থী সকলে আয়োজন কৰে এক বৰ্ণাঢ্য কাৰ্যসূচী। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে আয়োজন কৰা কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া চাফাই কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই মহান শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিনৰ দিনা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সুৰজিৎ কোঁচৰ নেতৃত্বত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষক-কৰ্মচাৰী সকলক একোখনকৈ ফুলাম গামোছা, কলমৰ টোপোলা, একোটাকৈ গছপুলিৰে সম্বৰ্ধনা জনাই৷

ইয়াৰ পাছতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বাৰা সম্বৰ্ধনা পত্ৰ পাঠ কৰা লগতে প্ৰশিক্ষাৰ্থী সকলৰ হৈ আদৰণী ভাষণ পাঠ কৰে প্ৰশিক্ষাৰ্থী দেৱজিৎ খাউণ্ডে ।

প্ৰশিক্ষাৰ্থী জনাদন ফুকনে আতঁধৰা অনুষ্ঠানত তৃষ্ণা পেগু আৰু প্ৰথম ষান্মাষিকৰ ছাত্ৰী মায়াশ্ৰী বৰুৱাই সুমধুৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো সমৃদ্ধ কৰি তোলে আৰু অনুষ্ঠানত মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদিপ চন্দ্ৰ বৰাকে আদি কৰি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত উপস্থিত থকা মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি শিক্ষাৰ ক্ষেত্ৰৰ বহুখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰে৷ ইয়াৰ পাছতে শলাগৰ শৰাই অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষক-কৰ্মচাৰী সকলৰ লগতে প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।

-পাপু বৰুৱা, ঢকুৱাখনা

Leave A Reply