Breaking

চলিত মাহত ওদালগুৰি মহকুমাত নিৰাপত্তাৰক্ষীৰ ৭টা বৃহৎ সফলতা

0 1,523

চলিত জুন মাহত  নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ক্ৰমাৎ এটাৰ পাছত আনটো সফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় সাতটাকৈ অভিযানত ওদালগুৰি জিলা আৰক্ষী প্ৰশাসনে জব্দ কৰে বৃহৎ সংখ্যক সুৰা, গাঞ্জাকে ধৰি হেৰ‌’ইন জাতীয় নিচাযুক্ত সামগ্ৰী। অভিযানৰ প্ৰথমটো স্থান ওদালগুৰি সদৰ।  বিগত ৪ জুনত ওদালগুৰি আৰক্ষীৰ জালত পৰে গাঞ্জাসহ এজন লোক। নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু আৰক্ষীৰ এটা দলে অভিযান চলাই ৯.৫ কিল’গ্ৰাম গাঞ্জাসহ ব্যৱসায়ীগৰাকীঅ গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীগৰাকী ওদালগুৰিৰ ৪ নম্বৰ ৱাৰ্ডত ভাৰাতীয়া হিচাপে থকা বিনোদ বসুমতাৰী(৩২)। গ্ৰেপ্তাৰ হোৱা গাঞ্জা ব্যৱসায়ীগজনৰ পৰা আৰক্ষীয়ে ১,৮৪০ টকা নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক জেললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ দ্বিতীয়টো অভিযানৰ স্থান মাজবাট। যোৱা ৬ জুনত ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট আৰক্ষীয়ে এক অভিযান চলাই এটা বস্তাত ভৰাই অনা ২৫ কিঃগ্ৰাম গাঞ্জা জব্দ কৰে। মাজবাট অঞ্চলৰ ৰঙাপানীত নিশা চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাতে মাজবাট আৰক্ষীৰ তহলদাৰী দলে জব্দ কৰে গাঞ্জাখিনি। অৱশ্যে আৰক্ষীৰ দলটোক দেখিয়েই গাঞ্জা সৰবৰাহকাৰী লোকজন চাইকেল এৰি বৰষুণৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মাজবাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মাজবাট থানাত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযানৰ তৃতীয়টো স্থান হৈছে ৰৌতাৰ অমিনপাৰাৰ সমীপৱৰ্তী ফাকিৰালী। বিগত ১০ জুনত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিনৰ প্ৰায় ২.১৫ বজাত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱা আৰু লালপুলৰ আৰক্ষী বিষয়া ছৰাফৎ আলীয়ে আৰক্ষীৰ এটা দলসহ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাৰ সমীপৱৰ্তী ফাকিৰালীত এক অভিযান চলাইছিল। অভিযানত আৰক্ষীৰ দলটোৱে ১০ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ দুজন অৰুণাচলৰ লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে তেন নৰবু(২১) আৰু বিজয় ৰয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত ১২১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চতুৰ্থটো অভিযানৰ স্থান হৈছে ওদালগুৰিৰ ভৈৰৱকুণ্ড। যোৱা ১১ জুনত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী আংৰাজুলি গাওঁত বহু পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে এছএছবিয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ২৩ নম্বৰ লালপুল বেটেলিয়নৰ অন্তৰ্গত কচুবিল এছএছবি শিৱিৰৰ সহযোগত অভিযান চলায়। সহকাৰী কামাণ্ডেণ্ট ৰবি সিঙৰ নেতৃত্বত দহজনীয়া এছ এছবিৰ দল উক্ত দিনটোৰ পুৱা প্ৰায় ১০ বজাত চলোৱা অভিযানত আংৰাজুলি গাওঁৰ পৰা এখন বাহনৰ পৰা অৰুণাচলী সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে আংৰাজুলি গাওঁৰ চুমেন নাৰ্জাৰী। জব্দকৃত মাৰুটি চুজুকী বাহনখনৰ নম্বৰ হৈছে এএছ১২এফ-৫৭৪০। বাহনখনৰ পৰা এছএছবিৰ দলটোৱে ১৪৪ টা বিভিন্ন বেণ্ডৰ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে। এছএছবিয়ে দাবী কৰা অনুসৰি কভিডৰ মিনি লকডাউনৰ সময়ছোৱাত এনেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ অৰুণাচলী সুৰাৰ সৰবৰাহ চলি আহিছে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি সুৰাখিনি ওদালগুৰি আৱকাৰী বিভাগৰ হাতত গটাই দিয়াৰ লগতে গ্ৰেপ্তাৰ হোৱা লোকজনক এছএছবিয়ে আৰক্ষীৰ হাতত গতাই দিয়ে। অভিযানৰ পঞ্চমটো স্থান হৈছে ওদালগুৰিৰ হৰিশিঙা। ১২ জুনত  হৰিশিঙা আৰক্ষীয়ে এক অভিযান চলাই থানাখনৰ অন্তৰ্গত এলেকাৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিনৰ ১২-৩০ বজাত হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাঙ্কুৰ হাজৰিকা আৰু সহ আৰক্ষী বিষয়া অনিল সোণোৱালৰ নেতৃত্বত নিৰাপত্তাৰক্ষীৰ এটা দলে এক অভিযান চলায়। হৰিশিঙা থানাৰ অন্তৰ্গত কুন্দৰবিল গাওঁ আৰু ধীপাবস্তিত অভিযানকাৰী দলটোৱে এক অভিযান চলাই বহু পৰিমাণৰ দেশীয় আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাখিনিৰ ভিতৰত আছে প্ৰায় ২৫ লিটাৰ চুলাই তথা দেশীয় সুৰা। আৰক্ষীৰ সূত্ৰে সাংবাদিকক জনোৱা মতে, কভিডৰ এই জটিল সময়ত সকলো নীতি নিয়ম উলংঘা কৰি একাংশই এনেদৰে মুকলিভাৱে অবৈধ সুৰাৰ বেহা চলাই নিছে। অৱশ্যে আৰক্ষীৰ এই অভিযানত কোনো লোকক ধৰিবলৈ সক্ষম হোৱা নাছিল। ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰে। অভিযানৰ ষষ্ঠ স্থান হৈছে ওদালগুৰি জিলা সদৰ। ১২ জুনৰ নিশা ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে থানাখনৰ অন্তৰ্গত এলেকাৰ পৰা বহু পৰিমাণৰ অবৈধভাৱে বিক্ৰীৰ বাবে মজুত ৰখা সুৰা জব্দ কৰে। ইয়াৰোপৰি সুৰাসহ আৰক্ষীৰ জালত পৰে এজন লোক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। এনেদৰে চলিত এমাহত  ওদালগুৰি মহকুমাত আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ৭ টাকৈ সফল অভিযান চলাই বহু নিচাযুক্ত সামগ্ৰীৰ লগতে ঘটনাৰ সৈতে জৰিত লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী এই সন্দৰ্ভত হুংকাৰ প্ৰদান কৰি অভিযান ধাৰাবাহিকভাৱে চলাৰ কথা প্ৰকাশ কৰে।আনহাতে  এক গোপন সূত্ৰৰ পম খেদি আজি ১৯ জুনত সন্ধিয়া ৫.৩০বজাত নিচাযুক্ত দ্ৰব্যসহ এজনক ওদালগুৰিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনোৱা মতে- ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ডত তালাচী চলাই টংলা নিবাসী গুবিন্দ্ৰ থাপা(৫৯)নামৰ এজন ড্ৰাগচ সৰবৰাহীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ  পৰা সন্দেহযুক্ত  ৩৪০ গ্ৰাম নিচাযুক্ত দ্ৰব্য জব্দ কৰে।বজাৰত নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য প্ৰায় ২০ হাজাৰ টকা হ’ব।আৰক্ষীয়ে লগতে এ.এছ.০১এৱাই.৬৪৭৩নম্বৰৰ মটৰ চাইকেল এখনো জব্দ কৰে।এই সন্দৰ্ভত অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত আছে।

Leave A Reply