Breaking

৭২ নং বাঘমাৰাচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ : ৰাইজৰ প্ৰতিবাদ

0 2,258

চৰকাৰী আঁচনি যেন পঞ্চায়ত প্ৰতিনিধি সকলৰ বাবে এতিয়া খিৰতী গাই হৈ পৰিছে। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭২ নং বাঘমাৰা চৰ গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ভূয়াপাৰাত পঞ্চায়ত সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। ৰাইজৰ অভিযোগ মতে পঞ্চায়ত খনত চতুৰ্দশ বিত্তীয় আঁচনিৰ ২৫ লাখ টকাৰ মাত্ৰ ২০-২৫ শতাংশ টকাৰ  কাম কৰি হাতদীঘল সভানেত্ৰী আকলিমা খাতুনে বাকী সমূদায় ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে বিধায়ক পুজিৰ এক লাখ টকা অঞ্চলটোৰ এখন মছজিদৰ নামত আৱন্টন দিছিল যদিও তাৰে পৰা সভানেত্ৰী গৰাকীয়ে ৫০ হাজাৰ টকাৰ আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উপায়বিহীন হৈ ৰাইজে ৰাজপথত ওলাই প্ৰতিবাদ কৰিবলৈ লোৱাত পঞ্চায়ত সভানেত্ৰীৰ একাংশ ভেৰোনীয়া গুণ্ডাই প্ৰতিবাদকাৰীক বাধা দিয়ে। সাংবাদিকৰ সন্মুখতেই প্ৰতিবাদকাৰীক প্ৰতিবাদ নকৰিবলৈ বাধা দিয়াৰ উপৰিও আক্ৰমণ কৰিবলৈ চোঁচা লয়। প্ৰতিবাদ স্থলীত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। পিছত পঞ্চায়ত সভানেত্ৰীৰ ভেৰোনীয়া গুণ্ডাৰ বাধা নেওচি বিধায়ক শ্বেৰমান আলী হায় হায়, সভানেত্ৰী আকলিমা খাতুন হায় হায়, পঞ্চায়ত সভানেত্ৰীৰ দুৰ্নীতিৰ বন্ধ কৰক, সভানেত্ৰীৰ গুণ্ডা গিৰি নচলিব, পঞ্চায়তৰ কামত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰিব লাগে আদি শ্ল-গানেৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সভানেত্ৰী আকলিমা খাতুনে সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

Leave A Reply