Breaking

লণ্ডনৰপৰা ভাৰতলৈ বিমানত অহা ৮ জন যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

0 2,033

সোমবাৰে নিশা দুখন পৃথক বিমানেৰে লণ্ডনৰপৰা ভাৰতলৈ অহা ৮জন যাত্ৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷ আনহাতে আজি পুৱা দিল্লীত অৱতৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ বিমানৰ যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে। ব্ৰিটেইনত চিনাক্ত হোৱা কৰ’না ভাইৰাছৰ এক নতুন ৱেভৰ বাবে বৰ্ধিত শংকাৰ মাজতে আহিছে এই উদ্বেগজনক খবৰ৷

উল্লেখ্য যে কেইদিনমানৰপৰা ভাৰতকে ধৰি কেইবাখনো দেশে ব্ৰিটেইনৰপৰা বিমান যাত্ৰা অৱৰুদ্ধ কৰি ৰাখিছে। ইউ কেৰপৰা অহা বিমানত ভাৰতৰ নিষিদ্ধতা বুধবাৰৰপৰাহে কাৰ্যকৰী হ’ব আৰু ৩১ ডিচেম্বৰলৈ বাহাল থাকিব। চৰকাৰে প্ৰকাশ কৰা মতে ইউ কেৰপৰা অহা সকলো যাত্ৰী বিমানবন্দৰত আহি পোৱাৰ পাছত পৰীক্ষা কৰা হ’ব। ভাৰতলৈ অহাৰ পাছত ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জন যাত্ৰী অহা বিমানখনত ২৬৬ জন যাত্ৰী আছিল৷ সোমবাৰে দিনৰ ১০.৪০ বজাত দিল্লীত অৱতৰণ কৰা বিমানখন এয়াৰ ইণ্ডিয়াৰ আছিল৷ জানিব পৰা মতে ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জনৰ ভিতৰত এজনে চেন্নাইলৈ সংযোগী বিমান লৈছিল আৰু তাত তেওঁৰ সংক্ৰমণ ধৰা পৰিছিল৷

Leave A Reply