Breaking

ৰঙিয়াত একেদিনাই নিলম্বন ৮ জনকৈ বিদ্যুত বিভাগৰ বিষয়া বিভাগৰ্মচাৰীক

0 2,028

ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহা প্ৰৱন্ধক দিগন্ত ডেকাই এজাহাৰ দাখিল কৰিছে ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে । একোজন কৰ্মচাৰীয়ে  ৪ লাখৰ পৰা ১১ লাখ টকা পৰ্যন্ত চিকিৎসাৰ নামত ভুৱা মেডিকেল ক্লেইম জমা কৰি ধৰা পৰিছিল । ৰঙিয়াস্থিত বিদ্যুৎ বিভাগৰ  তিনিটা কাৰ্যালয়ৰ মুঠ ৮ গৰাকীকৈ কৰ্মচাৰী এই ঘটনাৰ লগত জড়িত । ইয়াৰ পিছতে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে ২ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, মুখ্য সহায়ক যতীন বৈশ্য, লাইন মেন ক্ৰমে মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবিন মেধী, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ মুখ্য সহায়ক উমেশ দাস, ১ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মণক । ৰঙিয়া থানাত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ ৰ অধিনত গোচৰ ৰুজু কৰা হৈছে ।ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ।ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply