জামুগুৰিহাট,২৭ নৱেম্বৰ: হাতত কাঁচি লৈ মুখত গানৰ কলি গুণগুনাই দাৱনিৰ সৈতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বাৰিষাৰ বতৰত কন্যকাৰ মেটমৰা বোকাত ৰোৱনিয়ে গোঁজ মৰা মেজিক ৰাইচৰ কঠিয়া বৰ্তমান সোণগুটিত পৰিণত হৈছে ৷ যাৰবাবে জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামত বিধায়কগৰাকীও দাৱনিৰ সৈতে ব্যস্ত হৈ পৰিছে ধান চপোৱা কৰ্মত ৷ প্ৰায় সাঁতশ বিঘা মাটিত ৰোপন কৰা মেজিক ৰাইচৰূপে খ্যাত কুনকুনি জঁহা,মানিকী মাদুৰী, কেতেকী জঁহা, পদুমী জঁহা, কলাজঁহাকে ধৰি থলুৱা প্ৰজাতিৰ কঠিয়াৰপৰা উৎপন্ন সোণগুটিৰ সুগন্ধই এতিয়া কন্যকাৰ চৌপাশ আমোলমোলাই তুলিছে ৷ ক্ৰমাৎ হেৰাই যাব ধৰা এই ধানগছ লহপহকৈ ডাঙৰ হৈ লাহে লাহে খজা ধৰি এতিয়া পৈণত হোৱাত সোণগুটি পথাৰৰপৰা চপাই আনিবৰ বাবেই ২শ গৰাকী দাঁৱনিৰ সৈতে ধান কটাত ব্যস্ত হৈ পৰিছে কন্যকাৰ গুৰিধৰোতা বিধায়ক পদ্ম হাজৰিকা ৷ প্ৰথমবাৰৰ বাবে কন্যকাৰ মাটিত ৰোপন কৰা এই থলুৱা প্ৰজাতিৰ ধানৰ বীজ ৰোপন কৰি সফলতা লাভ কৰা বিধায়ক গৰাকীয়ে সেয়ে পথাৰৰ মাজত মুখত এমোকোৰা সফলতাৰ হাঁহি লৈ আৰু একাংশ মিছিং সম্প্ৰদায়ৰ দাঁৱনিৰ সৈতে একেলগে গানৰ কলি গুণগুনাই আপোনপাহৰা হৈ ধান কটাত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে ৷ জীয়াভৰলীৰ দাঁতিচৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা কৃষি পামত এইবেলি থলুৱা প্ৰজাতিৰ কেবাটাও উন্নত তথা বৰ্তমান গ্ৰামাঞ্চলৰ পথাৰৰপৰা লোপ পোৱা ধানৰ কঠিয়া একেলগে ৰোপন কৰোৱাইছিল বিধায়ক পদ্ম হাজৰিকাই ৷ বৰ্তমান সেই ধানৰপৰা উৎপন্ন সোণগুটি দেখা পাই উৎফুল্লিত কন্যকা পৰিয়ালৰ লগতে বিধায়ক পদ্ম হাজৰিকাও ৷ “বজাৰ আমাৰ পথাৰ আমাৰ” বাক্যফাকি আগত লৈ কন্যকাই আৰম্ভ কৰা এই কৃষি বিপ্লৱৰ জৰিয়তে উৎপাদিত এই ধানৰ বীজ কোনো ইচ্ছুক লোকে উৎপাদন কৰিবৰ বাবে বিচাৰিলে তেঁওলোকক সেই ধানৰ বীজ দিবৰ বাবেও কন্যকাই প্ৰস্তুতি চলাইছে বুলিও জানিব দিছে বিধায়ক পদ্ম হাজৰিকাই ৷ কন্যকাই যিদৰে একত্ৰিত হৈ সু-সংগঠিত ৰূপত কৃষিকাৰ্যত মনোনিবেশ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ দিশত পদক্ষেপ লৈছে ঠিক সেইদৰে ৰাজ্যৰ থলুৱা যুৱক যুৱতী সকলক একত্ৰিত হৈ চৰকাৰৰ “আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম”ৰ অংশীদাৰ হৈ স্বনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাবলৈও আহবান জনাই বিধায়ক পদ্ম হাজৰিকাই ৷ উল্লেখ্য যে কন্যকাৰ ভূমিত উৎপাদিত থলুৱা প্ৰজাতিৰ ধানৰ এই চাউল শীঘ্ৰে বজাৰত মুকলি কৰি দিয়া হ’ব বুলিও জানিব দিয়ে বিধায়কগৰাকীয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…