মৰিগাঁও, ২৭ নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবী জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে অসম এখন কৃষি প্ৰধান ৰাজ্য । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষিৰ ওপৰত ভিত্তি কৰি নিজৰ জীৱিকা আৰ্জন কৰি জীৱন নিৰ্বাহ কৰে । কিন্তু পৰিতাপৰ বিষয় এই যে অসমত কৃষিজাত সামগ্ৰীৰ সু-নিয়ন্ত্ৰিত বজাৰ নথকা আৰু সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যৰ বাবে কৃষক সকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় | যাৰ ফলত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে বহু কৃষকে কৃষি কৰ্ম বাদ দি কৃষি ভূমি বিক্ৰী পৰ্য্যন্ত কৰিব লগা হৈছে | অসমৰ কৃষকৰ প্ৰধান সমস্যা হল যে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ যেনে ধান, মৰাপাট, সৰিয়হ, চাহ, পাচলি আদি উৎপাদনৰ বাবে হোৱা খৰছৰ অনুপাতে উৎপাদিত সামগ্ৰীৰ মূল্য লাভ নকৰে | ইয়াৰ মূল কাৰণ হল অসমৰ কৃষিজাত সামগ্ৰীসমূহ বজাৰ নিয়ন্ত্ৰণ ক্ষমতা অসমৰ কৃষকৰ হাতত নাই | সমগ্ৰ বজাৰ সমূহ নিয়ন্ত্ৰণ কৰে বহিৰাগত মুনাফাখোৰ মধ্যভোগীয়ে | যাৰ পৰিণতিত কৃষকে নিজ উৎপাদিত সামগ্ৰী মধ্যভোগীৰ সুবিধা অনুযায়ী কম মূল্যত বিক্ৰী কৰিব লগা হয় | কৃষক সকলৰ সৈতে হৈ অহা এই আৰ্থিক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাৰ বাবে কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ উৎপাদনৰ খৰছৰ ওপৰত ভিত্তি কৰি এক সামগ্ৰীৰ চৰকাৰী নূন্যতম মূল্য নিৰ্দ্ধাৰণ কৰাৰ প্ৰয়োজন আছে | নিৰ্ধাৰিত নূন্যতম মূল্যত কৃষকে উৎপাদিত সামগ্ৰী মুকলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে চৰকাৰে সেই সামগ্ৰী সমূহ ক্ৰয় কৰাৰ এক ব্যৱস্থা কৰিলেহে মধ্যভোগী মুনাফাখোৰে একচেটিয়া বজাৰ নিয়ন্ত্ৰণৰ যোগেদি কৃষকসকলক কৰি অহা আৰ্থিক শোষণ বঞ্চনাৰ ওৰ পৰিব | অসমৰ কৃষক ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ এক চৰকাৰী নূন্যতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰাৰ বাবে অনতিবিলম্বে কাৰ্য্যকৰি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…