দিপীলা, ১০ ডিচেম্বৰ : ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ কাৰ্যকালত আন আন আঁচনিৰ বাহিৰেও ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক গৰাকী ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ শ্বহীদ হোৱা সাতকুৰি শ্বহীদক সন্মান জনায় পুনৰ আন এখন আঁচনি ৰূপায়ণ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বুধবাৰে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ৰাইজৰ সুবিধাৰ্থে অত্যাধুনিক সুবিধা থকা এটি ” ৰাজহুৱা সভা কেন্দ্ৰ ” ৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ প্ৰায় ১ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া গৃহটি MSDP ৰ ২০১৯/২০ বৰ্ষৰ অধিনত নিৰ্মাণ হব ৷ সেইদিনাই বিধায়ক গৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈয়ে ৪৫০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী পালাভিঠা সত্ৰ আৰু ঐতিহাসিক পচকীয়া থানৰ শুভাৰম্ভ কৰে ৷ দুয়োখন সত্ৰ আৰু থান পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ” অসম দৰ্শন আঁচনি ” ৰ দ্বাৰা ১০ লাখ টকাকৈ ব্যয় কৰিব চৰকাৰে ৷ উল্লেখ্য যে শ্ৰীশ্ৰী পালাভিঠা সত্ৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত ৷ আনহাতে প্ৰায় ৮০ লাখ টকা ব্যয়ৰে পচকীয়া থানলৈ সংযোগী এটি পথৰো শুভাৰম্ভ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বিটিচি নিৰ্বাচনত খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰীৰ দায়িত্বত থকা বিধায়ক বিনন্দ কুমাৰ শইকীয়াই খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ লগতে বিটিচিত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!