উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ কৃষিকৰ্মৰে স্বচ্ছল দ্বীপ জিলা মাজুলীৰ ৬০ বছৰীয়া কৃষক বোদ্ধেশ্বৰ বৰা। দ্বীপ জিলাখনৰ উজনি মাজুলীৰ অভয়পুৰীয়া গাঁৱৰ ৬০ উদ্ধৰ এই লোক জনে বিগত ২৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে। বিভিন্ন শাক-পাচলি, ধান, সৰিয়হ আদিৰো খেতি কৰা ৬০ উদ্ধৰ লোক জনে মাজুলীৰ নৱ-প্ৰজন্মৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে। আমাৰ প্ৰতিবেদনত নাম উল্লেখ কৰা ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা নামৰ লোকজনে হায়াৰ ছেকেণ্ডৰী পাছ আৰু আই.টি.আই. প্ৰশিক্ষণ প্ৰাপ্ত ৰেডিঅ’ মেকানিকেল। এজন আই.টি.আই মেকানিকেল হোৱাৰ পিছতো চৰকাৰী চাকৰি লাভ নকৰি হতাশ নহৈ কৃষিকে মূল হিচাপে লৈ কৃষিকৰ্ম কৰি আজি এজন সফল কৃষক হবলৈ সক্ষম হৈছে। ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰাই প্ৰায় ২ বিঘা মাটিত আলু খেতি, ৩ কথা মাটিত নেমু খেতি, ১ বিঘাৰো অধিক মাটিত কল খেতি, বেঙেণা খেতি, ৩ বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি কৰিছে। তেওঁ আলু, বেঙেণা, জিকা, ফুলকবি, সৰিয়হ আদি মাজুলী বিভিন্ন বজাৰত বিক্ৰী কৰে। শাক-পাচলিৰ খেতিত তেওঁ কৃত্ৰিম সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰে। কৃষিকৰ্ম কৰিয়েই স্বচ্ছলভাবে তেওঁ নিজৰ পৰিয়ালো পোহপাল দিৱলৈ সক্ষম হৈছে। তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ প্ৰসংগত সাংবাদিকৰ আগত কয় কৃষকসকল স্বতন্ত্ৰ। কাৰো অধীন নহয়। কৃষকসকলেই এখন সমাজৰ ভেটি ধৰি আছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক মৰ্যদাহীন বুলি ভাবে। এনেদৰে ভবাটো অনুচিত। কৃষকসকলৰ সামাজিক মৰ্যদা বহু ওপৰত। কৃষি কৰ্ম কৰি পৰিয়ালটোক সু্চাৰু ৰূপে চলাবলৈ সক্ষম হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…