১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে…

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিলে নগাঁও জিলাৰ বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে। বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম বিভাগত আৰু ১৩ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা পৰীক্ষাৰ্থী সকলৰ ভিতৰত মুচাব্বিৰ আহমেদে ডিষ্টিংচন লাভ কৰাৰ লগতে ঐচ্ছিক গণিতত এশ নম্বৰৰ ভিতৰত এশ নম্বৰ লাভ কৰে। আনিশ্বা শ্বাহনাৰাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আজি সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ৰাকিবুৰ ৰহমানে। ইপিনে সৰুছলা জাতীয় বিদ্যালয়য়ো এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি পোৱা গৈছে। বিদ্যালয়ৰ টোৰ পৰা জেনিফা খাতুন নামৰ এগৰাকী ছাত্ৰী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়।

Related Articles