জামুগুৰিহাট, ২২ ডিচেম্বৰ: জ্যোতি-বিষ্ণু-ফণী শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্মিধ্যৰে অভিনয় জগতত খোজ পেলাই উজ্জ্বীবিত অভিনয়ৰে শদিয়াৰ পৰা ধুবুৰীলৈ অগণন দৰ্শক ৰাইজৰ শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হোৱা তথা গোয়েংকা চলচিত্ৰ বঁটা, মুনলাইট মিডিয়া বঁটা আৰু শেহতীয়াকৈ ২০১৬ চনত অসম চৰকাৰৰ ফালৰ পৰা নটসুৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰা যশস্বী শিল্পী ভোলা কটকীৰ ৮৮ সংখ্যক ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে জামুগুৰিহাটত ৷ জন্মস্থান জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ যুৱক-যুৱতী তথা ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া মহান শিল্পী গৰাকীৰ ওপজা দিনটো মধুৰ কৰি তুলিবলৈ গীত-নাচ-নাটককে ধৰি এলানি কাৰ্যসূচী হাতত লৈছে । অহা ২০ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানটিত শিশু নাট “অৰন্যৰ পটভূমি”ৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপালীম” নাট খনো মঞ্চস্থ হব।দুয়োখন নাটক পৰিচালনা কৰিব ভোলা কটকীৰ কনিষ্ঠ পুত্ৰ তথা বিশিষ্ট পৰিচালক স্বৰাজ কটকীয়ে । ইফালে যোৱা ২০ ডিচেম্বৰত জামুগুৰিহাটৰ কুৰিখন গাঁৱৰ ৰাইজ, যুৱক যুৱতী তথা শিশুসকলৰ উপস্থিতিত শিল্পী গৰাকীৰ ওপজা দিনটোত অনুষ্ঠিত হব লগা “অৰণ্যৰ পটভূমি” শীৰ্ষক শিশু নাট খনৰো আখৰা উন্মোচন কৰে অৱসৰী শিক্ষক সমাজকৰ্মী শৰৎ ভূঞাই । এই উপলক্ষে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত বৰেণ্য শিল্পীগৰাকীৰ নাট্য জীৱন সম্পৰ্কে আলোকপাত কৰা হয় । জানিব পৰা মতে শিল্পী গৰাকীৰ নিজা গাঁও সংগীয়া মাজৰ চুকত উদযাপন হব লগা উপজা দিনটোত গাঁওবাসীৰ লগতে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ আগবঢ়াব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…