বিধায়কৰ কাৰ্য্যকাল ২৫টা বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুই তিনিমাহ বাকী থকাৰ সময়ত তেজপুৰৰ বিধায়ক বৃন্দাৱন গোস্বামীয়ে নতুন দল খোলাৰ কুচ কাৱাজ কৰি নতুনকৈ সংকল্প লৈছে। সংকল্প স্হলীতে বিধায়ক গৰাকীৰ সন্মুখত তেজপুৰৰ উন্নয়নকলৈ সমালোচনা সাংস্কৃতিক কৰ্মীৰ।সংকল্প অসম স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে তেজপুৰৰ বিধায়ক বিধায়ক বৃন্দাবন গোস্বামীৰ শক্তি প্ৰদৰ্শন। দলীয় টিকত লাভ কৰা নকৰা তথা পুৰ্বতে অগপৰ পৰা গৈ ন অগপ কৰি মুখথেকেঁচা খোৱা আৰু নতুন দলত যোগদানৰ চৰ্চা চলি থকাৰ সময়তে অগপৰ এই গৰাকী জ্যেষ্ঠ বিধায়কে নতুন দল গঠনৰো কুচ কাৱাজ অব্যাহত ৰাখিছে। বিধায়কৰ পাঁচটাকৈ কাৰ্য্য কালৰ ৰূপালী জয়ন্তীৰ অন্তত স্বনিৰ্ভৰশীল ব্যক্তি,স্বনিৰ্ভৰশীল পৰিয়াল আৰু স্বনিৰ্ভৰশীল অসম গঢ়াৰ নতুনকৈ সংকল্প লোৱাৰ সময় পালে তেজপুৰীয়া বিধায়ক বৃন্দাবন গোস্বামীয়ে। আচলতে বিধায়ক গৰাকীয়ে নিৰ্বাচনৰ আগমুহুৰ্তত গণসেৱক অসম স্বেচ্ছাসেৱী এক সংগঠনৰ পিছত সংকল্প অসমৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে। সংকল্প অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিবসত বিধায়ক গৰাকীয়ে স্বনিৰ্ভৰশীল অসম গঢ়াৰ সংকল্প ললে।বৃন্দাৱন গোস্বামীয়ে স্বনিৰ্ভৰশীল অসম গঢ়াৰ সংকল্প লোৱা এই অনুষ্ঠানতে সাংস্কৃতিক কৰ্মী শান্তনু বৰুৱাই তেজপুৰৰ উন্নয়নৰ প্ৰসঙ্গকলৈ কঠোৰ সমালোচনা কৰা বিষয়টোৱে অসমৰতো বাদেই গোস্বামী বিধায়কহৈ থকা তেজপুৰৰে ফোপোলা স্বৰূপটো উদঙাই দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…