স্থান হেৰালে মান হেৰাই । জেষ্ঠ্য সকলে কোৱা এই ডাকৰ বচন ফাঁকি যেন সঁচা হ’বলৈ গৈছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগে গেৰুৱা বসন পিন্ধা কাৰ্যত গোলাঘাট জিলা বিজেপিৰ ভিতৰচৰাত তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা বাতৰি প্ৰকাশ হৈছিল যদিও ইয়াৰ সত্যতা সন্দৰ্ভত স্পষ্ট হোৱা নাছিল। যদিও আজি প্ৰমাণিত হ’ল যে ভিতৰি – ভিতৰি গুজৰি -গুমৰি থকা পূৰ্বৰ বিজেপি কৰ্মীসকলে সদ্য গেৰুৱা বসন পিন্ধা নেওগক কেনেদৰে আঁদৰণি জনাইছে ! ক্ষোভৰ বৰ্হিপ্ৰকাশ এইবাৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গল গোলাঘাটৰ বিজেপি কাৰ্যালয়ত। আজি অজন্তা নেওগৰ প্ৰসংগ লৈয়ে গোলাঘাটৰ বিজেপি কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়। বিজেপিৰ জিলা সমিতি আৰু বিজেপিৰ তৃণমূল কৰ্মীৰ মাজত হোৱা সংঘাতত অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ তৃণমূল কৰ্মীসকলে। জানিব পৰা মতে ,গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈও দাবী জনায়। লগতে ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ টিকট বিতুপন শইকীয়া, দেৱজিত বৰা আৰু জয়ন্ত কুমাৰ গোস্বামীক দিব লাগিব বুলিও দাবী উত্থাপন কৰিছে তৃণমূল কৰ্মী সকলে। তেনেক্ষেত্ৰত পূৰ্বৰ শক্তিশালী কংগ্ৰেছী নেত্ৰী গৰাকীৰ ৰাজনৈতিক জীৱনৰ অন্ত পৰিব বুলিও আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।

