ঢকুৱাখনাৰ মহকুমাৰ ঘিলামৰাত আজি পুৱা এটা হৰিণ উদ্ধাৰ হয়। ঘিলামৰা-ধেমাজি সীমান্তত ধেমাজি থানাৰ অন্তৰ্গত ঘুগুহা পঞ্চায়তৰ মণিপুৰী আইথানৰ সমীপত বৰমুঠৰিয়নী গাৱঁত পুৱা ৮ মান বজাত গাওঁখনৰ কেইজনমান সচেতন লোকে পুৱা শুই উঠি বাহিৰলৈ আহোতেই পথত মুক্ত ভাৱে বিচৰণ কৰি থকা অৱস্থাত হৰিণটো প্ৰতক্ষ্য কৰে ৷ সচেতন লোককেইজনে হৰিণটো খেদি আনি গাৱঁৰ এঘৰ ব্যক্তি ঘৰত হৰিণটো বন্দী কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হৰিণটো ৷ ঢকুৱাখনা উপ বন খণ্ডৰ বিষয়া চন্দ্ৰ কান্ত দাস আৰু ঘিলামৰাৰ সেই গাঁৱৰে সচেতন ব্যক্তি প্ৰিয় কুমাৰ চাংমাই, জয়জুতি চাংমাই, সঞ্জয় গগৈ, বলবিন্দ চাংমাই, ভৰত চাংমাই, মানসজ্যোতি চাংমাই, ভাগ্যবান গগৈ, প্ৰবিন গগৈ আৰু মিন্টু চাংমাইৰ এই লোক কেইজনৰ সহযোগত হৰিণটো উদ্ধাৰ কৰি ঢকুৱাখনা বন বিভাগৰ কাৰ্যলয়লৈ আনে ৷ আঘাতপ্ৰাপ্ত হৰিণটো বৰ্তমান ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত স্বাস্থ্য পৰিক্ষা কৰোৱাৰ পাছত সম্পূৰ্ণ বিপদ মুক্ত বুলি পশু চিকিৎসক ডা° বিজয় কুমাৰ দত্তই জানিবলৈ দিয়ে ৷ ইফালে ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এই ঘটনাৰ খৱৰ লয় মেগামিক্স প্ৰকৃতি সংঘৰ কাৰ্য্যবাহী সদস্য দিগেন্দ্ৰ নাথ হাজৰিকাই
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…