অসমত বসবাস কৰা এক অন্যতম নৃ-গোষ্ঠীয় মটক জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখনি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা কঠালগুৰিৰ ৫ নং ডিব্ৰুজানস্থিত ডিব্ৰুপৰীয়া উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ অতিথ্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে । আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ১৯৩৯ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক সন্মিলন, ১৯৪০ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ত্ৰিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ আৰু ২০০৫ চনত জন্ম লাভ কৰা সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় ষষ্ট দ্বি- বাৰ্ষিক অধিৱেশনখনি ৫ নং ডিব্ৰুজানৰ উক্ত খেলপথাৰ “সৌমাৰ সমম্বয় ক্ষেত্ৰ”ত যৌথ ভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যে বৈকুণ্ঠ সোনোৱালক সভাপতি কিৰণ দুৱৰাক কাৰ্যকৰী সভাপতি আৰু দেৱজিত বৰুৱাক মুখ্য সম্পাদক ৰূপে লৈ মূল অভ্যৰ্থনা সমিতি গঠন কৰাৰ উপৰিও বিভাগীয় ৩০ খন উপ সমিতি গঠনেৰে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬, ২৭ আৰু ২৮ তাৰিখে দিন ধাৰ্য কৰি বিস্তৃতভাৱে আয়োজনৰ সিদ্ধান্ত লোৱা মটক জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা, সু-দিহা পৰামৰ্শ একান্তই কামনা কৰিছে অভ্যৰ্থনা সমিতি, তিনি সংগঠন কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা আৰু কমলদ্বীপ বৰুৱাই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হায়দৰাবাদত বিজেপি প্ৰাৰ্থী মাধৱী লতাই মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাকলৈ উত্তেজনা, এজাহাৰ দাখিল…
- মায়া নগৰী মুম্বাইত ধূলিৰ ধুমুহাৰ সংহাৰ…
- যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো, লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিমঃ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ দেহাৱসান…
- সোঁফালে নে বাওঁফালে কোনফালে শুব লাগে? বিশেষকৈ হৃদৰোগীয়ে এই কথা মনত ৰাখিব লাগে…
- ভয়ংকৰ ঘটনা! মুম্বাইত হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক…
- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ, তৃতীয়বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ