Illegal Coal Trade: পাহাৰপুৰৰ এক ঘটনাই উন্মোচিত কৰিলে মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যৰ গোপন তথ্য

Date:

লেখাপানী, ২৫ ছেপ্টেম্বৰ: দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা মাৰ্ঘেৰিটাৰ কয়লাৰ কলা সাম্ৰাজ্যখন বৰ্তমানেও নিৰ্বিকাৰভাৱে চলি থকা দেখা গৈছে(Illegal Coal Trade in Margherita) ৷ কয়লাৰ এই ক’লা সাম্ৰাজ্যখনৰ ক’লা অধ্যায়ৰ ওৰ পেলাবলৈ যেন এতিয়া কাৰো সাধ্য নাই ৷কয়লাৰ এই চোৰাং কাৰবাৰত সাঙোৰ খাই চৰকাৰী এচাম বিষয়া-কৰ্মচাৰী তলৰ পৰা ওপৰলৈকে যেন গেলিবলৈ আৰম্ভ কৰিছে ৷

যোৱা ২১ জুন তাৰিখে বিধানসভাৰ সদস্যৰে গঠিত বিধায়িনী দলৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ পিছতো গা লৰাব পৰা নাই কয়লাৰ চোৰাং কাৰবাৰৰ লগত জড়িত দুষ্ট চক্ৰটোক ৷ বিধায়িনী দলটোৱে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰা অঞ্চলসমূহত হাজাৰ হাজাৰ টন অবৈধ কয়লা মজুত থকাৰ পিছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কেৱল মাত্ৰ নিয়ম মাফিক কিছু পৰিমাণৰ কয়লা বাজেয়াপ্ত কৰিহে দায়িত্ব সামৰা দেখা যায় ৷ যাৰ ফলত বাজেয়াপ্ত নকৰা হাজাৰ হাজাৰ টন অবৈধ কয়লা বৰ্তমানেও প্ৰতি নিশা ৰাজপথেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে ৷ এই কথাকেই প্ৰমাণ কৰিছে পুৱতি নিশা লেখাপানী থানা(Lekhapanai Police Station)ৰ অন্তৰ্গত পাহাৰপুৰৰ টিপং নৈত সংঘটিত এক ঘটনাই ৷

পাহাৰপুৰ অঞ্চলৰ পৰা অবৈধ কয়লা কঢ়িয়াই অনা এখন ট্ৰেইলাৰ গাড়ী টিপং নৈ পাৰ হ’ব লওঁতে নৈখনৰ মাজত যান্ত্ৰিক বিজুতি ঘটি আবদ্ধ হৈ পৰে(Smuggled coal transporting) ৷ নিশা এজাক বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা নৈখনৰ বাঢ়নী পানীয়ে নৈত আবদ্ধ ট্ৰেইলাৰখন সম্পূৰ্ণৰূপে বুৰাই পেলায় ৷ বৰ্তমানেও নৈৰ মাজতে আবদ্ধ হৈ থকা ট্ৰেইলাৰখন আৰক্ষী কিম্বা মহকুমা প্ৰশাসনে(Sub-divisional authorities) উদ্ধাৰ তথা জব্দ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ তদুপৰি আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই পাহাৰপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া উপকণ্ঠ অঞ্চলসমূহত মজুত থকা অবৈধ কয়লাসমূহ প্ৰতি নিশাই ৰাজপথেৰে সৰবৰাহ হৈ আহিছে ৷

এইক্ষেত্ৰত ক্ষেত্ৰ অধ্যয়নৰ বাবে গঠিত বিধায়িনী দল তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarma) কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ’ব ৷

Popular

More like this
Related

Guwahati News: গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট

Guwahati News: গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট। আগন্তুক কেইবা দিনলৈ বন্ধ থাকিব পথটো।

Zubeen Garg Death Case: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি…

Zubeen Garg Death Case: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। ৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।

Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’

Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ছানী দেওলে।

দৰং-ওদালগুৰিৰ ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠান

আজিৰে পৰা আৰম্ভ হ'বলগীয়া দৰং -ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠানৰ ব্যাপক প্ৰস্তুতি।