Bones: হাড় কেনেকৈ শক্তিশালী কৰিব? এইবিধ বস্তুত লাভ কৰিব কেলচিয়াম, আইৰণ…

হাড় মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন। বেছিভাগ মানুহে হাড় শক্তিশালী কৰিবলৈ গাখীৰ খাই, কিন্তু ক’লা তিল গাখীৰকৈ অধিক ফলপ্ৰসূ বুলি কোৱা হয়।(Bones)

হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ইয়াৰ বাবে সাধাৰণতে মানুহে গাখীৰ, পনিৰ, দৈ আদি খাদ্য সামগ্ৰী গ্ৰহণ কৰে। কিন্তু, কিছুমান লোকে গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ প্ৰতি সংবেদনশীল। এনে পৰিস্থিতিত হাড় মজবুত কৰিবলৈ কেলচিয়াম সেৱন কৰাটো কষ্টকৰ হৈ পৰে।(Strong Bones)

এনে পৰিস্থিতিত খাদ্যত ক’লা তিল অন্তৰ্ভুক্ত কৰাটো অতি উপকাৰী। গাখীৰতকৈ ক’লা তিলত বহুগুণ বেছি কেলচিয়াম থাকে। ক’লা তিল কেৱল কেলচিয়ামৰ এক উৎকৃষ্ট উৎসই নহয়, হাড়ৰ বৃদ্ধি আৰু শক্তিৰ বাবে অপৰিহাৰ্য আন বহুতো পুষ্টিকৰ উপাদানও ইয়াত আছে। ক’লা তিল খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

গাখীৰত ১০০ মিলিলিটাৰত প্ৰায় ১২৩ মিলিগ্ৰাম কেলচিয়াম থাকে, আনহাতে ক’লা তিলত ১২৮৬ মিলিগ্ৰাম কেলচিয়াম থাকে। অৰ্থাৎ তিলত থকা কেলচিয়ামৰ পৰিমাণ গাখীৰতকৈ বহুগুণে বেছি। যদি গাখীৰ কাবলৈ মন নাযায় বা কিবা কাৰণত গাখীৰ খাব নোৱাৰে তেন্তে ক’লা তিল খাব পাৰে।

ক’লা তিলত কেৱল কেলচিয়ামেই নহয়, হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে পুষ্টিকৰ উপাদানও থাকে। ইয়াৰ উপৰিও ক’লা তিলত ভাল পৰিমাণৰ জিংক থাকে। তিলে অষ্টিঅ’পৰ’ছিছৰ দৰে ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

বাতবিষৰ দৰে সমস্যাৰ পৰা সকাহ পোৱাতো ক’লা তিলে সহায় কৰে। ক’লা তিলত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যাৰ ফলত গাঁঠিৰ ফুলা কমোৱাৰ লগতে বিষৰ পৰা উপশম পোৱা যায়।

ক’লা তিল কেনেকৈ খাব

কেঁচাকৈ খাব পাৰে বা ভাজিও খাব পাৰে। বিশেষকৈ ৰাতিপুৱা খালী পেটত খালে উপকাৰী। চালাড, শাক-পাচলি, নুডলছ বা ভাততো ক’লা তিল দিব পাৰে।

Related Articles