নিজকে সুস্থ সৱল কৰি ৰাখিবলৈ কোনেনো নিবিচাৰে। সকলোৱে নিজকে স্ৱাস্থ্যৱান কৰি ৰাখিবলৈ যতন কৰে কিন্তু তাৰ মাজতেই দৈনন্দিন জীৱনত জানি শুনিও একোংশই কিছুমান বেয়া অভ্যাস গঢ়ি তোলা দেখিবলৈ পোৱা যায় যিবোৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ হানিকাৰক।(New Year)
নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময়। আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আওকাণ কৰোঁ । যদি আপুনিও ২০২৫ চনত নিজকে সুস্থ তথা শক্তিশালী হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত কৰক এই ৩টা পৰিৱৰ্তন-
১) জাংক ফুডক দিয়ক বিদায়
জাংক ফুড সেৱন আজিৰ দিনত এক সাধাৰণ কথা হৈ পৰিছে। খাবলৈ সোৱাদযুক্ত হ’লেও এনে খাদ্য আপোনাৰ বাবে হৈ পৰিব পাৰে অতিকৈ মাৰাত্মক। কিয়নো পুষ্টিকৰ উপাদান বুলি ক’বলৈ জাংক ফুডত একোৱেই নাথাকে। এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰান্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে । নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে সুষম ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক।
২) উপযুক্ত পৰিমাণে পানী খাওক
পানী আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজন বুলি আমি সকলোৱে জানো। কিন্তু তৎস্বত্ত্বেও আমাৰ মাজৰ একোংশই পৰ্যাপ্ত পৰিমাণে পানী নাখায়, যাৰ ফলত শৰীৰটো ডিহাইড্ৰেচনত ভুগে। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । যদি আপুনি পানী খাবলৈ পাহৰি যায় তেন্তে আপোনাৰ ফোনত এটা ৰিমাইণ্ডাৰ ছেট কৰক ।
৩) ৰাতিৰ আহাৰ লঘু আৰু সময় মতে খাওক
ৰাতি অত্যাঘিক পলমকৈ গধুৰ খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে। ২০২৫ চনত আপুনিও প্ৰতিজ্ঞাবদ্ধ হওক যে ৰাতিৰ আহাৰ লঘু আৰু পুষ্টিকৰ সুষম আহাৰহে গ্ৰহণ কৰিব। তদুপৰি শুবলৈ যোৱাৰ পূৰ্বে ২-৩ ঘণ্টা আগতেই আপুনি আপোনাৰ আহাৰ গ্ৰহণ কৰিব। ইয়াৰ বাবে আপুনি দালি, শাক-পাচলি, চালাড আৰু চূপৰ দৰে বিকল্প বাছি ল’ব পাৰে ।
নতুন বছৰত আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ এক ভাল সুযোগ আছে। এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও মানি চলিব পাৰে । গতিকে এই বছৰ আপোনাৰ প্লেটত পৰিৱৰ্তন আনি সুস্থ জীৱনৰ দিশে আগবাঢ়ি যাওক ৷

