ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক অধিক গুৰুত্ব আৰোপ কৰি সময়ে সময়ে সাৰ, বীজ, পাৱাৰটিলাৰ, পাম্পছেট আদি বিতৰণ কৰি আহিছে ৷ তাৰেই ফলস্বৰূপে আজি বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাৱত বাক্সা জিলা কৃষি বিভাগৰ দ্বাৰা কৃষকসকলৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে নিৰ্বাচিত মাটিৰ গুণাগুণ সম্পৰ্কে বিস্তৃত প্ৰতিবেদন লাভ কৰাৰ উপৰিও বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে কি শস্য ৰোপণ কৰিব অথবা উৎপাদন বৃদ্ধিৰ বাবে খেতিত কি ধৰণৰ সাৰৰ প্ৰয়োগ কৰিব এই সম্পৰ্কে কৃষকসকল জ্ঞাত হ’ব পাৰিব বুলি উল্লেখ কৰে ৷ কৃষক সকলে কেনেধৰণৰ ব্যৱস্থা ল’লে কৃষি সামগ্ৰী চৰকাৰৰ পৰা পাব পাৰি সেই সম্পৰ্কেও বিষদভাৱে বক্তব্য আগবঢ়ায় জিলা কৃষি বিষয়া গৰাকীয়ে ৷ আজিৰ এই অনুষ্ঠানত কৃষকৰ মাজত ৫৮০ খন চইল হেল্থ কাৰ্ড বিতৰণ কৰা হয় ৷ কাৰ্ড বিতৰণী অনুষ্ঠানত কৃষি বিষয়া দুলাল দাস, মুনীন্দ্ৰ শৰ্মাৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…