উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ড প্ৰগেমত নাজিৰা মহকুমাৰ তিনিখন বিদ্যালয়ে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান দখলৰে নাজিৰা মহকুমা লৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখযোগ্য যে দেশৰ অগ্ৰনী কম্পিউটাৰ প্ৰতিষ্ঠান উইপ্ৰ ইণ্ডিয়া লিমিটেডে প্ৰতিবছৰে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰি আহিছে উইপ্ৰ আৰ্থিয়ান এৱাৰ্ড প্ৰগেম।দলগতভাবে ছাত্ৰ-ছাত্ৰীসকলে পানী, জৈৱ বৈচিত্ৰতা, আৱৰ্জনা এই বিষয়বস্তকেটাৰ ওপৰত বিজ্ঞান ভিত্তিক প্ৰকল্প প্ৰস্তুত কৰি কোম্পানীৰ ওচৰত দাখিল কৰিব লাগে।২০২০বৰ্ষৰ কোম্পানীটোৰ এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত নাজিৰা মহকুমাৰ তিনি বিদ্যালয় ক্ৰমে গেলেকী জাতীয় বিদ্যালয়,জভিয়েলভেলী বিদ্যালয় নাজিৰা আৰু বাউলী মৈদাম উঃমাঃবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰ এটাকৈ দলে অংশ গ্ৰহণ কৰি অসমৰ ভিতৰত ক্ৰমে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান দখল কৰি নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ গেলেকী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ বাৰ্লিন বৰুৱা,হেমাংগ গগৈ,স্নেহা হাতীমূৰীয়া,গাৰ্গী হাজৰিকা আৰু বিকাশ ফুকন ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি দলগতভাবে প্ৰথম স্হান দখল কৰাৰ বিপৰীতে জভিয়েলভেলী বিদ্যালয় ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদে এককভাবে পানী ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি দ্বিতীয় স্হান দখল কৰে।আনহাতে বাউলী মৈদাম উঃমাঃবিদ্যালয়ৰ ছাত্ৰ বনদ্বীপ সন্দিকৈ আৰু তপোব্ৰত সন্দিকৈ য়ে জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি তৃতীয় স্হান দখল কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে অসমত উইপ্ৰৰ এই প্ৰতিযোগিতা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ পৰিবেশ পৰিষদে সমন্বয়ক হিচাপে কাম কৰি আহিছে।মহকুমাটোৰ তিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ এই কৃতিত্ব ত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…