কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন বিভাগৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত ১৮ জানুৱাৰীৰ পৰা মাহযোৰা কাৰ্যসূচীৰে চলি আছে “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ” । আনহাতে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত চলি আছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতামূলক কাৰ্যসূচী । সমিতিৰ সদস্য-সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে মাহয়োৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত পথ সুৰক্ষা বিষয়ক এক সজাগতা মূলক ৱাকাথান অনুষ্ঠিত হব । পুৱা ৯ বজাৰ পাছতে সৰুসজাই ষ্টেডিয়ামৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ ৰোডেৰে বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়লৈ আহিবলগীয়া ৱাকাথান পতাকা জোকাৰি শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তাৰ পাছত জিলা পৰিবহন কাৰ্যালয় চৌহদত হোণ্ডা মটৰ কোম্পানীৰ উদ্যোগত স্থাপন কৰিব লগীয়া দুচকীয়া বাহনৰ শিকাৰু চালকৰ সুৰক্ষামূলক প্ৰশিক্ষণ বিদ্যালয়ৰ মুকলি কৰিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তাৰপাছত এখন পথ সুৰক্ষা সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হব । অনুষ্ঠানত পৰিবহন মন্ত্ৰীৰ উপৰিও পৰিবহন আয়ুক্তসহ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…