বিশিষ্ট সংগীত শিল্পী , “ঝুমইৰ সম্ৰাট” দুলাল মানকিয়ে এই বছৰ ভাৰত চৰকাৰৰ সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে ডুমডুমা প্ৰেছ ক্লাবে আজি তেখেতক সম্বৰ্ধনা জনায় । ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা , উপসভাপতি দীনেশ গোয়েল , সম্পাদক মনোজ বৰুৱা , কোষাধ্যক্ষ পিট্টৰ চন্দ মিট্টল , প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা , প্ৰাক্তন সম্পাদকদ্বয় মনোজ দত্ত আৰু অভিজিৎ খাটনিয়াৰ আৰু সদস্য ব্ৰহ্মদেউ ৰজকৰে গঠিত ক্লাবৰ এটি প্ৰতিনিধি দলে শিল্পীগৰাকীৰ বৰহাপজান কেছেৰুগুৰি স্থিত বাসভৱনলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ আঁত ধৰি ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অভিজিৎ খাটনিয়াৰে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান “ঝুমইৰ” গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে শাস্ত্ৰীয় সংগীত আৰু অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনলৈ দুলাল মানকিয়ে আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰি ভাৰত চৰকাৰে শেহতীয়াকৈ তেখেতলৈ আগবঢ়োৱা পদ্মশ্ৰী বঁটাই সমগ্ৰ ডুমডুমাবাসীকে গৌৰৱান্বিত কৰা বুলি কয় । ক্লাবৰ তৰফৰ পৰা শিল্পীগৰাকীক এখনি ফুলাম গামোচা , এখন শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনাৰ উত্তৰত দুলাল মানকিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দৈদাম চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পৰা আৰম্ভ কৰা সংগীতৰ যাত্ৰাৰ কথা সোঁৱৰে । এই বঁটা নিজৰ পিতৃ – মাতৃৰ নামত উৎসৰ্গা কৰি শিল্পী দুলাল মানকিয়ে কয় যে তেওঁৰ পিতৃৰ পৰাই সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ তেওঁ অনুপ্ৰেৰণা পাইছিল । এই সন্মানীয় বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাত তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত শিল্পীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ উপৰিও ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিৰণ বৈশ্য দত্তও উপস্থিত আছিল । মুনীন্দ্ৰ মহন্ত,ডুমডুমা
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…
- বিহু উদযাপনৰ বাবেই এঘৰীয়া কৰিলে ২৫টাকৈ পৰিয়ালক…
- চাৰিগৰাকী প্ৰখ্যাত পৰিব্ৰাজকৰ দৃষ্টিত ভাৰতবৰ্ষ…