নগঞা শিল্পী সকলৰ অন্যতম অগ্ৰণী অনুষ্ঠান সংগীত শিল্পী মঞ্চ,নগাঁৱৰ স্থায়ী গৃহৰ আজি শুভ উদ্বোধন হয়।নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা সংগীত শিল্পী মঞ্চৰ প্ৰাক্তন সম্পাদক ৰূপক শৰ্মাই স্থায়ী গৃহৰ শুভ উদ্বোধন কৰাৰ পিচতেই নগঞা শিল্পী তথা সংগীত অনুৰাগী সকলৰ এখন সভা অনুষ্ঠিত হয়।সংগীত শিল্পী মঞ্চৰ শিল্পী সকলে পৰিবেশন কৰা সমবেত সংগীতৰে আৰম্ভ হোৱা সভাখনৰ সামগ্ৰীক ভাবে আঁঁত ধৰে আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই।সভাখনত সভাপতিত্ব কৰে সংগীত শিল্পী মঞ্চৰ সভাপতি পংকজ বেজবৰুৱাই।সভাৰ উদ্দেশ্য বাখ্যা কৰে সংগীত শিল্পী মঞ্চৰ সম্পাদক ৰঞ্জিত বৰাই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে কয় যে- স্থায়ী গৃহৰে জাতিস্কাৰহৈ পৰা সংগীত শিল্পী মঞ্চ,নগাঁৱৰ দৰে অনুষ্ঠান বিৰল।সম্ভবতঃ এনে প্ৰকল্প অসমত এইয়ে প্ৰথম।সংগীত শিল্পী মঞ্চই ডাঙৰ আদৰ্শ দাঙি ধৰিছে।আজি অনুভৱ হৈছে ইয়াত আমাৰো যেন এখন ঘৰ হ’ল।সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে-‘শিল্পী সকল পেচাগত ভাৱে ধনী নহয়।সংগীত শিল্পী মঞ্চ,নগাঁৱৰ শিল্পী সকলে প্ৰথমে এটকা-দুটকাকৈ গোটাই,কাঠ-বাঁহ আনি এটা সৰু ঘৰ নিৰ্মাণ কৰিছিল।২০০০ চনতে স্থাপন হোৱা এই অনুষ্ঠানটোৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সপোন বাস্তৱায়িত হ’ল।বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ সকলো শিল্পীক একেখন মঞ্চত থাকিবলৈ অনুৰোধ জনাই কয় যে-‘নগাঁৱৰ সমূহ শিল্পীৰ এইখন আচুতীয়া মঞ্চ হব লাগিব।আমি পুৰণা,জ্যেষ্ঠ শিল্পী সন্মান দিব লাগিব আৰু নতুন শিল্পী সকল আদৰিব লাগিব।সংগীত শিল্পী মঞ্চত আমি শিল্পী সকলৰ গৌৰৱ,আবেগ আৰু আনন্দ সংপৃক্ত হৈ আছে।’ তিনিকুৰি শিল্পীয়ে অংশগ্ৰহণ কৰা সংগীত শিল্পী মঞ্চৰ অনুষ্ঠানটোত বিশিষ্ট শিল্পী শান্তা উজীৰ,কুইন দাস,সন্ধ্যা মেননৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী,বিশিষ্ট সমাজসেৱী ৰঞ্জিত তামুলী ফুকন,দেৱেন্দ্ৰ সিং চেহমী,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ উপস্থিত থাকে।সংগীত শিল্পী মঞ্চৰ তৰফৰ পৰা এই বিশিষ্ট ব্যক্তি সকলক গামোচা চেলেং জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ লগতে নগাঁৱৰ বহু কেইজন শিল্পী,সাংবাদিক,ক্ৰীড়াবিদকো সংগীত শিল্পী মঞ্চৰ উদ্যোক্তা সকলে সম্বৰ্ধনা জনাই ।সেই সকলৰ ভিতৰত সংগীত শিল্পী দীগেন মহন্ত, সূৰ্য ৰাজা,তাৰিনী শৰ্মা,মোহিনী দাস,চিত্ৰদেৱ মহন্ত,জীয়েন্স বৰদলৈ,স্বৰাজ নাথ,আৰিফুল হক,অঞ্জলী কটকী,বিশিষ্ট সমাজসেৱীকা নিৰু দেৱী,ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ শৰ্মিলা বৰা,নগাঁও প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে কনক হাজৰিকা আৰু চন্দনজ্যোতি বৰা।অনুষ্ঠানতে অঞ্জলী কটকীয়ে ভাই ভাই বোলছবিত কণ্ঠদান কৰা এটা গীত পুনৰ নতুন ৰূপত সজাই উন্মোচন কৰা হয়।বিশিষ্ট শিল্পী কৃষ্ণ মণি নাথে অনুষ্ঠানতে শিল্পী সকলৰ উদ্দেশ্য কৰি লিখা ‘মই শিল্পই কৈছো’ শীৰ্ষক এটি কবিতা বন্ধাই উন্মোচন কৰা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…