এগৰাকী প্ৰসূতি মাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ৰোগীৰ আত্মীয় আৰু আন একাংশ লোক উত্তেজিত হৈ পৰি নাৰ্ছিহোম খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী আহিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই দুদিন পূৰ্বে এটি সন্তান প্ৰসৱ কৰিছিল।প্ৰসৱৰ পাছতেই মহিলা গৰাকী অসুস্থ হৈ পৰাত দুদিন পূৰ্বে তেঁওক নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰসূতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। তাৰ পাছতো তেওঁ সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ বিচাৰে যদিও নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰোগীৰ আত্মীয়ক “ইয়াতে ভাল হ’ব” বুলি আশ্বাস দি নাৰ্ছিং হোমৰ ভেন্টিলেটৰতহে ৰাখি থয় বুলি ৰোগীৰ আত্মীয়ই অভিযোগ কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজি প্ৰসূতি মাতৃ গৰাকীৰ মৃত্যু হয়। ইয়াৰ লগে লগেই প্ৰসূতি গৰাকীৰ আত্মীয় জাঙুৰ খাই উঠে। প্ৰসূতি মাতৃ গৰাকী ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতি আৰু নাৰ্ছিং হ’ম কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ মহিলা গৰাকীৰ পৰিয়ালে লগতে অভিযোগ উত্থাপন কৰি কয় যে, একমাত্ৰ ধনৰ লালসাতে জিডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ লগতে ভুল চিকিৎসা কৰিছিল। লগতে তেওঁ লোকে মহিলা গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এক তদন্তৰো দাবী তোলে ৷ ইফালে, প্ৰসূতি গৰাকীৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত নাৰ্ছিংহোম খনৰ এজন কৰ্মচাৰীয়ে অবাঞ্চিত মন্তব্য কৰাত ক্ষোভিত হৈ পৰে মহিলা গৰাকীৰ আত্মীয় সকল আৰু অন্য লোকসকল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা
- USTM ত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন
- মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ
- অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- অসমৰ এই ১৯ খন জিলালৈ সতৰ্কবাণী ! মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা…
- গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ ! থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ…
- গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…
- চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…