৮ মে’২০২৫ঃ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে অপাৰেছন সিন্দুৰ চলোৱাৰ পিছতে সমগ্ৰ পাকিস্তানত এতিয়া ভয় আৰু আতংক বিয়পি পৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে পাকিস্তানৰ লাহোৰৰ ৱালটন ৰোডত একাধিক বিস্ফোৰণ সংঘটিত হয়। প্ৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে তিনিটাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছিল ৷
বিস্ফোৰণৰ শব্দ শুনি আতংকিত বাসিন্দাসকলে নিৰাপদ স্থানৰ সন্ধানত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে বুলি আৰক্ষীৰ উদ্ধৃতি দি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে । লাহোৰৰ অন্যতম উন্নত আৰু স্পৰ্শকাতৰ জিলা হিচাপে পৰিচিত গুলবাৰ্গৰ আশে-পাশে সংঘটিত হয় এই বিস্ফোৰণ ।ঘটনাৰ পিছতে লাহোৰ আৰক্ষীয়ে জনোৱা মতে, ‘‘কিছু মুহূৰ্তৰ ভিতৰতে এটাৰ পিছত আনটো বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ দূৰৈত থকা লোকসকলেও ইয়াৰ শব্দ শুনি আতংকিত হৈ ৰাজপথলৈ ঢাপলি মেলিছিল ।’’ইতিমধ্যে বিস্ফোৰণস্থলীত উপস্থিত হৈছে উদ্ধাৰ অভিযানকাৰী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ৷
বিষয়াসকলৰ মতে, বিস্ফোৰণৰ প্ৰকৃতি আৰু উৎস নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে ৷ এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি বোমা নিষ্কাশন আৰু চোৰাংচোৱা দলে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰাৰ লগে লগে অঞ্চলটো ছীল কৰি দিছে আৰু সাধাৰণ লোকসকলক অঞ্চলটোত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে । পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই কৰাচী, লাহোৰ আৰু শিয়ালকোটৰ বিমানবন্দৰত বিমানসেৱা সাময়িকভাৱে বন্ধ কৰি দিছে বুলি স্থানীয় সংবাদ মাধ্যম আজ নিউজে প্ৰকাশ কৰিছে ৷হস্পতিবাৰে (স্থানীয় সময় অনুসৰি) নিশা ১২ বজালৈকে বিমানসেৱাৰ বাবে উপলব্ধ নহ’ব লাহোৰ আৰু শিয়ালকোটৰ বিমানবন্দৰ । আজ নিউজে প্ৰকাশ কৰা অনুসৰি এই সিদ্ধান্তৰ প্ৰভাৱ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমানৰ সময়সূচীতে পৰিছে । লাহোৰত হোৱা বিস্ফোৰণৰ আঁৰত কাৰ হাত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কোনো সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

