১৬ মে’:asom sahitya sabha । অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা ‘সেতুবন্ধ’ কাৰ্যসূচী অনুসৰি দেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিবলৈ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত আজিৰ পৰা পৰহিলৈকে সেতুবন্ধ যাত্ৰা-৪ অনুষ্ঠিত হৈছে ৷ বৰাক উপত্যকাৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ সৌহাদ্যপূৰ্ণ সহৱস্থানসহ অন্যান্য বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ লগতে বৰাক উপত্যকাৰ বিশিষ্ট নাগৰিক, কবি, সাহিত্যিক লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী, সমাজসেৱীসকলৰ লগত মত বিনিময় কৰিব এই ‘সেতুবন্ধ’ যাত্ৰাত ।
উল্লেখ্য যে আজি দিনৰ ১১ বজাত সাহিত্য সভাৰ দলটোৱে হাইলাকান্দি জিলা সাহিত্য সভাৰ উদ্যোগত শ্যামসুন্দৰ উৎসৱ ভৱনত আয়োজন কৰা ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব৷ তাৰ পাছত দলটোৱে হাইলকান্দি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব৷ ইয়াৰ পাছতে দলটো শ্ৰীভূমি জিলালৈ ৰাওনা হ’ব ৷
বিয়লি ৪ বজাত শ্ৰীভূমি জিলাৰ বিশ্বৰূপা বিবাহ ভৱনত ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰি দলটোৱে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়বৰ্গৰ সৈতে মত বিনিময় কৰিব৷ ১৮ মে’ পুৱা সাহিত্য সভাৰ দলটোৱে শিলচৰৰ সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক শিলচৰ অধিৱেশন আয়োজন কৰিবৰ নিমিত্তে আদৰণী সমিতি গঠন কৰিবৰ বাবে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব৷ উক্ত সভাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীদ্বয় ক্রমে কৌশিক ৰয় আৰু কৃষেন্দু পাল, তিনিওখন জিলাৰ অসম বিধান সভাৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব৷ তাৰ পৰৱৰ্তী সময়ত সাহিত্য সভাৰ দলটোৱে কাছাৰ মহাবিদ্যালয়ত এক ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব৷ ১৯ মে’ৰ পুৱা ৬-৩০ বজাত শ্বহীদ স্মৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ তাৰ পৰৱৰ্তী সময়ত সঁজাতি দলটোৱে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে সাক্ষাৎ কৰি এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ বাংলা সাহিত্য সভা অসমৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অসম সাহিত্য সভাৰ তৰফৰ পৰা অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা, ড০ ভূপেন হাজৰিকাৰ নামত এটি প্ৰেক্ষাগৃহ নামাকৰণ কৰা আৰু অসম বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ উদ্যোগত বাংলা সাহিত্য সভা অসম আৰু অসম বিশ্ববিদ্যালয়ৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ এটি কাৰ্যক্রম আয়োজন কৰিবৰ বাবে উপাচাৰ্যক অনুৰোধ কৰিব৷ সন্ধিয়া প্ৰতিনিধি দলটোৱে ভাষা শ্বহীদ, ষ্টেচন শ্বহীদ স্মৰণ সমিতিৰ উদ্যোগত আয়োজিত মুকলি অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিছে।