ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ উদ্যোগত আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটিৰ সহযোগত চ’চাইটিৰ মঞ্চত অনুষ্ঠিত হ’ব নাট সমাৰোহ ।
অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা আয়োজন কৰা নাট সমাৰোহ খনি ২৮ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব । নাট সমাৰোহ খনিৰ বিষয়ে কালি অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সমাৰোহৰ মুখ্য সমন্বয়ক ডা: মানস ৰয়ে । সমন্বয়ক গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি নাট সমাৰোহত ভাৰতৰ কেইবাগৰাকীও খ্যাতনামা নাট্যকাৰৰ নাটক মঞ্চায়ন কৰিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটাৰী নাট্য দলে ।
ৰাষ্ট্ৰীয় ভাষা হিন্দীত মঞ্চায়ন হ’ব লগীয়া নাটক সমূহৰ সূচী এনেধৰণৰ, ২৪ ফেব্ৰুৱাৰীত নাটক ‘পেহলা সত্যাগ্ৰহী’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা । ২৫ ফেব্ৰুৱাৰীত নাটক ‘তাজমহল কি টেণ্ডাৰ’ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠী । ২৬ ফেব্ৰুৱাৰীত নাটক ‘জাত হী পুছৌ সাধু কি’ পৰিচালক ৰাজেন্দ্ৰ নাথ । ২৭ ফেব্ৰুৱাৰীত নাটক ‘খামোশী চিলি চিলি’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা আৰু ২৮ ফেব্ৰুৱাৰীত নাটক ‘বায়েন’ পৰিচালক ঊষা গাংগুলী ।
উল্লেখিত ৫টা তাৰিখৰ প্ৰতি সন্ধিয়া ৬-৩০ বজাৰ পৰা নাটক মঞ্চস্থ কৰা হ’ব । কোনো প্ৰৱেশ পত্ৰৰ ব্যবস্থা নকৰা এই সমাৰোহত দৰ্শক সকলে বিনামুলীয়াকৈ নাটক উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰি সকলো নাট্য প্ৰেমী দৰ্শকক নিমন্ত্ৰণ জনাইছে সংবাদমেলৰ জৰিয়তে ।
সংবাদমেলত সমাৰোহৰ সমন্বয়ক ক্ৰমে ডা ; অজিত বৰুৱা, অনিল শৰ্মা, দীপমনি খাটনীয়াৰ, মৃদুল কাকতী, নিলোফাৰ -ই -মাহটাবী উপস্থিত আছিল ।

