‘হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ‘ ‘একমাত্ৰ মোক ফোন কৰিব নোৱাৰে’ ‘মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো’ -গৌৰৱ গগৈ ।Garuva Gogi

Garuva Gogi । ওদালগুৰি জিলাৰ ধনশ্রী পৰিষদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত APCC ৰ সভাপতি গৌৰৱ গগৈ| পৰিষদীয় সমষ্টিটোৰ ইকৰাবাৰীত কংগ্ৰেছৰ বিশাল সভা | সমষ্টিটোৰ মনোনীত প্রার্থী ৰিলন মুছাহাৰীৰ হৈ প্রচাৰ চলায় গৌৰৱ গগৈয়ে | BTR নির্বাচনক লৈ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰে APCC সভাপতি গৰাকীয়ে |

এইখন ইস্তাহাৰৰ সকলো কাম আগত ৰাখিয়েই এইবাৰ বহুবছৰৰ মূৰত হলেও শক্তিশালী ৰূপত কংগ্রেছ দলে BTR দখল কৰিবলৈ অগ্ৰহৰ হৈছে | AICC সম্পাদক পৃথ্বীৰাজ সাথে, ইস্তাহাৰ সমিতিৰ সভাপতি সাংসদ প্রদ্যুৎ বৰদলৈৰ উপস্থিতিত ইস্তাহাৰ মুকলি গৌৰৱ গগৈৰ |

আনহাতে, ভাষণ প্রসংগত গৌৰৱ গগৈৰ মুখত পুনৰা মুখ্যমন্ত্রীৰ মোবাইল ফোনৰ প্রসংগ | সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, BPF-UPPL মানে একেই | হিমন্ত বিশ্বই এটা ফোনেৰে হাগ্ৰামাক ফোন কৰে, এটা ফোনেৰে কৰে প্রমোদ বড়োক | পৃথিৱীৰ সকলোকে ফোন কৰিব পৰিলেও একমাত্র মোক ফোন কৰিব নোৱাৰে | মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো | মন্তব্য গৌৰৱ গগৈৰ

Related Articles