Rahul Gandhi । ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগঃ নিৰ্বাচন আয়োগে সহায় কৰিছে ভোট ৰিগিঙত, বিজেপিৰ কঠোৰ প্ৰত্যুত্তৰ

নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনৈতিক পৰিৱেশ পুনৰ একেধৰণৰ বিতৰ্কত তেজাল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এক প্ৰচণ্ড অভিযোগ উত্থাপন কৰে। তেওঁ কয়, নিৰ্বাচন আয়োগৰ সহায়ত একাংশ ব্যক্তি, সংগঠন আৰু কল চেণ্টাৰে কংগ্ৰেছ, দলিত আৰু জনজাতীয় ভোটাৰৰ নাম ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পদ্ধতিগতভাৱে ডিলিট কৰিছে।

ৰাহুলে অভিযোগ উত্থাপন কৰি কয়, “এই তথ্যটো এক ‘এটম বোমাৰ’ সমান। কিন্তু মই ইয়াতেই থামিম নোৱাৰোঁ। পাছত আৰু অধিক ভয়ংকৰ তথ্য উন্মোচন কৰিম, যি ‘হাইড্ৰজেন বোমাৰ সমতুল্য’ হ’ব।”
তেওঁৰ এই অভিযোগক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ জোৱাৰ অহাৰ লগে লগে বিজেপিয়ে কটূ সমালোচনা কৰে। গেৰুৱা শিবিৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি কয়, “ৰাহুল গান্ধীয়ে পুনৰবাৰ মনোযোগ চুৰি কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে। তেওঁ পূৰ্বৰ ভুলৰ পৰা শিকিব পৰা নাই।”
এই নতুন অভিযোগেৰে নিৰ্বাচনৰ পূৰ্বে বিতৰ্ক আৰু ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে।

