জনতাৰ শিল্পী, যুৱ প্ৰজন্মৰ (Zubeen Garg) হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ খবৰে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ সময়তে আজি মহান শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য চলি থকাৰ দৃশ্য দূৰদৰ্শত চাই থকা অৱস্থাত নাজিৰাত এগৰাকী প্ৰায় ৫৪ বছৰীয়া সৰবৰহী মহিলা হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে । নাজিৰা চাৰিআলিৰ সমীপৰ হনুমান ক্লথ ষ্টক্সৰৰ স্বত্বাধিকাৰী নাৰায়ণ আগৰৱালাৰ সহধৰ্মিনী সুনীতা আগৰৱালাই নাজিৰাৰ বাপুজী পথৰ নিজা বাসগৃহত অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য দূৰদৰ্শনত চাই থকাৰ সময়তে প্ৰায় ১১-২৫ বজাত হৃদৰোগত আক্ৰান্ত হৈ লগে লগে পৰ লোক ঘটে ।
মৃত্যুৰ সময়ত সুনীতা আগৰৱালাই স্বামীৰ লগতে এজন পুত্ৰ আৰু দুগৰাকী কন্যা সহ ইহসংসাৰত এৰিথৈ গৈছে । মহিলাগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।সুনীতা আগৰৱালাৰ অকাল মৃত্যুত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রী ডঃ হেমপ্ৰভা শইকীয়া , নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, নাজিৰা মাৰোৱাৰী মহিলা সমিতি , মাৰোৱাৰী যুৱ সমাজ , শ্ৰী শ্ৰী গোৱৰধনধাৰী গো-শালা পৰিচালনা আৰু উন্নয়ন সমিতি আদিকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

