Zubeen Garg: ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’

মনে নসহে, কিন্তু প্ৰকৃতিৰ বিধান, (Zubeen Garg) বিদায় দিবই লাগিব৷ মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত লাখ লাখ গুণমুদ্ধই শেষ বিদায় জনালে প্ৰাণৰ শিল্পীগৰাকীক৷ চকুলোৰে তিতি গ’ল সোণাপুৰৰ ৰাজপথ৷ জুবিনে কৈছিল- ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’ হয়, আজি তেওঁ সকলো পাৰ্থিৱ বিষয়ৰ পৰা মুক্ত৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে সৰুসজাইত জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে৷

কেৱল সেয়াই নহয়, জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানতো দেখা গ’ল জনগোষ্ঠীয় ঐক্যৰ চানেকি৷ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমানস্বৰূপ গামোচাখন৷ সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এই কথাই প্ৰমাণ কৰিলে তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্ৰিয় শিল্পী আছিল৷ লক্ষণীয়ভাৱে অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলিস্বৰূপে জুবিন গাৰ্গলৈ আগবঢ়োৱা জাতীয় বস্ত্ৰবোৰৰ মাজত অসমীয়া গামোচা, বড়ো আৰণাই, মিচিং ডোমেত, দেউৰী গামোচা, ৰাভা পাঁজাৰ আদি সকলোৰে সমাহাৰ ঘটিছিল৷ একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ চানেকি হৈছিল অন্তিম শয়নৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলী৷

Related Articles