ৰীতা চৌধুৰীৰ সৈতে (zubeen garg) হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল- “মোক সকলোৱে সোধে, বম্বেত কিয় নাথাকে আপুনি? মই কওঁ, এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়। তাত কোনো ৰজা নাই। লতা মংগেশকাৰ মৰি গ’ল, তেওঁলোকে কিবা কৰিলেনে? নাই কৰা। ৰাজেশ খান্না মৰিলে নিউজ এটা ওলাইছিল যে, মৃত্যু হ’ল। মই যদি মৰোঁ অসমত এসপ্তাহ বন্ধ হৈ থাকিব। মই এনেকৈ থাকিব বিচাৰোঁ।”
লগতে তেওঁ কৈছিল মোৰ কোনো আশ্রয় নাই। মই নিজে নিজৰ সৃষ্ট মানুহ। আনকি মোৰ ঘৰো নাই। মোৰ ৫টা ঘৰ আছে কিন্তু মই ষ্টুডিঅ’ত শুই থাকোঁ। পৃথিৱীৰ প্ৰায়বোৰ মানুহেই অকলশৰীয়া। কিন্তু মই শক্তিশালী।
ৰীতা চৌধুৰীৰ সৈতে হোৱা এই সাক্ষাৎকাৰটোত যেন এজন অনন্য জুবিন গাৰ্গক বিচাৰি পাইছে ৰাইজে।

