একত্ৰিত হ’ব বিপিএফ আৰু ইউ পি পি এল !

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োৰ ভাষ্য সলনি হৈছে। নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰী আৰু বি পি এফক সমালোচনা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে বিটিচিৰ ৪০ খন আসনেই এন ডি এৰ দখললৈ গৈছে। যিহেতু হাগ্ৰামাই এন ডি এক সমৰ্থন কৰে সেয়ে হাগ্ৰামাৰ বিজয় মানেই বিজেপিৰো বিজয়। 

ইফালে প্ৰমোদ বড়োৱে নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পাছতে হাগ্ৰামা আৰু তেওঁৰ দলৰ সন্দৰ্ভত সুৰ সলনি কৰিছে। তেওঁ উল্লেখ কৰিছে- যদি আমাক বিপিএফ দলে বিচাৰে তেন্তে আমাৰ দলৰ মাজত আলোচনা কৰি সিদ্ধান্ত লম। 

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বৰে পৰা বিটিচিত বিপিএফ আৰু ইউ পি পি এলক একত্ৰিত কৰাৰ বাবে এক পৰিস্থিতি সৃষ্টি কৰিবলৈ বহু চেষ্টা চলোৱা হৈছিল। উদ্যোগ লৈছিল এবছুৱে। বড়োভূমিৰ উন্নয়ন আৰু আত্ম নিয়ন্ত্ৰণ নিজৰ হাতত ৰখাৰ বাবেই এই উদ্যোগ লৈছিল এবছুৱে।  

নিৰ্বাচনৰ পূৰ্বে বিপিএফ আৰু ইউ পি পি এল একত্ৰিত নহ’ল যদিও নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত এতিয়া বিপিএফে বিচাৰিলে ইউ পি পি এল বিপিএফৰ লগত থাকিব নে নাই সেয়া আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে প্ৰমোদ বড়োৱে ।  

Related Articles