Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়

জুবিন গাৰ্গৰ মৃত্যু ৰহস্যত সাঙোৰ খাই পৰা (Zubeen Garg Death Case) ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ নেতা-সদস্যই অসমলৈ আহিবনে৷ এয়া এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টোক লৈ চিন্তা কৰিছে৷ ‘জুবিনৰ লগত য়ট পাৰ্টীত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল তদন্তলৈ নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷’ – এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘আটাইতকৈ বেছি চিন্তা ছিংগাপুৰত থকা লোকসকল তদন্তৰ বাবে আহিব নে নাই, তেওঁলোক নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷ জুবিনে য়ট যাত্ৰা কৰোঁতে তেওঁলোক মূল মানুহ আছিল৷ গতিকে অসমবাসী ৰাইজ হেঁচা দিব লাগে৷

ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোক পঠিয়াই দিয়ে৷ যাক আনিব পাৰো, আনিলো, কিছুমানে আমালৈ লিখিছে অসুবিধা আছে আহিব নোৱাৰো৷ কিন্তু অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে৷’ তেওঁ কয়, ‘ভাৰতৰ ভিতৰত থাকিলে ধৰি আনিলো হয়৷ ছিংগাপুৰত অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে৷ তেওঁলোক নহালৈ এই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰে৷ গতিকে মোৰ মনত চিন্তা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আমাৰ হাতত আছে৷ সঁচা কথাটো উলিয়াব পাৰিম৷

কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে ছিংগাপুৰত থকা এই মানুহবিলাক ৬ তাৰিখে আহিব নে নাই৷ হেঁচা দিব লাগে যাতে তেওঁলোকে যেনে তেনে অসমলৈ আহে৷ তেওঁলোকক আমি মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব৷ মাক-দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যাতে তেওঁলোকে ল’ৰা-ছোৱালীক লৈ আহে৷ কাৰণ অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে বুলি কয়৷’

Related Articles