Justice For Zubeen Garg: সামাজিক মাধ্যমত জুবিনৰ বাবে ন্যায় বিচাৰি জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ বিশেষ পোষ্ট…

সোমবাৰে মাজনিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীৰ বিশেষ পোষ্ট।( Justice For Zubeen Garg)

বিনৰ বাবে ন্যায় বিচাৰিলে পত্নী গৰিমাই।

কেৱল পত্নীয়ে নহয়, জুবিনৰ ভগ্নীয়েও সামাজিক মাধ্যমত জুবিনৰ ন্যায় বিচাৰি ৰাইজৰ মনোবলেই পৰিয়ালটোৰ সহায়ক বুলি মন্তব্য কৰে।

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে-

The last one for this life…

But we will be together again,,very soon Goldie !

কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ ।

কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !

এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..

আনহাতে জুবিনৰ ভগ্নীয়ে লিখিছে-

আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….

এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!

ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!

Related Articles