Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ ‘মোৰ মন’ শীৰ্ষক গীতটিৰ শব্দবোৰত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক

গীতটোৰ শব্দবোৰত যেন আছে জুবিন গাৰ্গৰ মনৰ কথাবোৰ! (Roi Roi Binale)

আজি মুক্তি দিয়া হয় ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ ‘মোৰ মন’ শীৰ্ষক গীতটি।

এই গীতটীৰ শব্দবোৰত, কণ্ঠত অনুৰাগীয়ে বিচাৰি পাইছে জুবিনক।

আনহাতে ৰৈ ৰৈ বিনালেত থাকিব জুবিন গাৰ্গৰ প্ৰকৃত কণ্ঠ।

এই কথা জনালে ৰাজেশ ভূঞাই।

জুবিন গাৰ্গৰ শেহতীয়া ছবি ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য গ্ৰহণত উপস্থিত থাকি গৰিমা শইকীয়া গাৰ্গে ক’লে-

‘ৰৈ ৰৈ বিনালে’ ছবিখনক লৈ জুবিনৰ বহুত কিবা-কিবি আশা আছিল।’

‘৩১ অক্টোবৰত ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তি দিবলৈ বাকী থকা কামখিনি কৰি আছোঁ।’

‘আমাৰ এটাই কথা ন্যায় পাব লাগে।’

‘ৰাজনীতি কৰা সকলোকে কৈছোঁ, অনুগ্ৰহ কৰি বাদ দিয়ক, ন্যায় দিয়ক।’

‘এটাই সঁচা কথা জানিব বিচাৰিছোঁ সেই দিনটোত কি হৈছিল? কিয় আমি জুবিনক হেৰুৱাব লগা হ’ল?’

‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰখনৰ আধৰুৱা দৃশ্য গ্ৰহণসমূহ কৰি এইদৰে মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে?

আজি জুবিনবিহীন ৰৈ ৰৈ বিনালেৰ শ্বুটিং। শেষ পৰ্যায়ত ‘ৰৈ ৰৈ বিনালে।

৩১ অক্টোবৰত শুভমুক্তি চিনেমাখনৰ।

ৰ’য়েল গ্ল’ৱেল ইউনিভাৰ্চিটিত ৰৈ ৰৈ বিনালে’ৰ শেষ শ্বুটিং।














Related Articles