Shyamkanu Mahanta Northeast Festival: জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?

CIDকাৰ্যালয়ত (Shyamkanu Mahanta Northeast Festival) হাজিৰ হৈ বিস্ফোৰণ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱাৰ। অনুজ কুমাৰ বৰুৱাই কয়-


‘জুবিনৰ মৃত্যুৰ ঘটনাৰ পাছতে তেওঁ শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেল বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। আনকি ছিংগাপুৰস্থিত হাই কমিছনেও শ্যামকানু মহন্তক অনুষ্ঠান বাতিলৰ পৰামৰ্শ দিছিল।’ 

ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁ অনুষ্ঠানস্থলীৰ পৰা হোটেললৈ ঘূৰি আহিছিল আৰু পৰৱৰ্তী সময়ত অনুষ্ঠান চলি আছিল নে নাই সেই বিষয়ে অনুজ কুমাৰ বৰুৱা অৱগত নহয়।

২২ ছেপ্তেম্বৰত তেওঁ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰি আহিছিল।  জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল অনুজ কুমাৰ বৰুৱা।

Related Articles