Nobel Peace Prize 2025: ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা, মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। (Nobel Peace Prize 2025) ভেনিজুৱেলাৰ অভিযন্তা মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল। নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল। গণতান্ত্রিক অধিকাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অক্লান্ত প্রয়াসৰ স্বীকৃতি।(Maria Corina Machado)

দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে তেওঁক সন্মান জনোৱা হৈছে। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে। হিংসা বা সশস্ত্ৰ প্ৰতিবাদৰ পৰিৱৰ্তে শান্তিপূৰ্ণ গণ আন্দোলন আৰু ৰাজনৈতিক আলোচনাৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰিবলৈ বাছি লৈছিল।

নোবেল কমিটীয়ে তেওঁৰ এই প্ৰচেষ্টাক “গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বব্যাপী প্ৰতিৰক্ষাৰ প্ৰতীক” বুলি অভিহিত কৰিছে। ভেনিজুৱেলাত গণতন্ত্ৰৰ প্ৰতি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই বঁটা প্ৰদান কৰা হৈছে আৰু মাচাডোৰ সংগ্ৰামে তাত নাগৰিক সমাজক শক্তিশালী কৰি তুলিছে। এই ঘোষণাই ড’নাল্ড ট্ৰাম্পৰ নোবেল বঁটা লাভৰ সপোন ভাঙিলে।

Related Articles