Assamese literary culture development forum: অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশন

অসমীয়া সাহিত্য সংস্কৃতিৰ (Assamese literary culture development forum) বিকাশ মঞ্চ অসমে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহত পাঁচ বছৰত ভৰি দিলে। অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ পাঁচবছৰৰ উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন, অসম সাহিত্য সভা ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশনখন। যান্ত্ৰিক জীৱনৰ পৰা কিছু সময় আঁতৰি সাহিত্যৰ পৃথিৱীখনত সকলোৰে লগত এটা দিন বিশেষভাৱে উদযাপন কৰিবলৈ এয়া তেওঁলোকৰ সামান্য প্রয়াস। অসমীয়া সাহিত্যৰ পথাৰখনত সাহিত্য চর্চাৰ এখন বিশেষ মঞ্চ হিচাপে চিহ্নিত হৈছে “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসমে”।

কেন্দ্ৰীয় দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচী অনুসৰি-পুৱা পতাকা উত্তোলন, পতাকা উত্তোলনৰ পিছতে বন্তি প্রজ্বলন আৰু জুবিন গাৰ্গৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পণ। বন্তি প্ৰজ্বলন কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ মুখ্য উপদেষ্টা ৰঞ্জনজ্যোতি শর্মা বৰদলৈয়ে। তাৰপিছতে অনুষ্ঠিত হয় মুকলি সভা আৰু কবিতা পাঠ কৰা হয়। মুকলি সভা আৰু কবিতা পাঠৰ পিছতে মুখপত্র শব্দবাক উন্মোচন কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমলজিৎ কলিতা, বিশিষ্ট কবি, সভাপতি গুৱাহাটী মহানগৰ কবি কানন দেবজিত বৰা, প্রধান সম্পাদক, অসম সাহিত্য সভা আমন্ত্রিত অতিথি। প্রফুল্ল বর্মন, সভাপতি, কামরূপ মহানগৰ জিলা সাহিত্য সভা মৃগেন ভাগৱতী, অৱসৰ প্ৰাপ্ত অভিযন্তা উপসস্থিত থাকে। আনহাতে অনুষ্ঠানটোত উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি।
অুষ্ঠানৰ পিছতে বিশেষ ব্যক্তিসকলক জনোৱা হয় সম্বৰ্ধনা। তাৰপিছতে হার্টথ্র’ব জুবিন গাৰ্গ নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন লিখি উলিয়াই শিল্পী দাসে। গ্ৰন্থখন উন্মোচন কৰে কমলজিৎ কলিতাই

Related Articles