অসমীয়া সমাজ তথা ভাৰতৰ, (Zubeen Garg) পৃথিৱীৰ মহান এটা আত্মা জুবিন গাৰ্গ, সেই নামটো আমাৰ মাজৰ পৰা সাগৰত বিলীন কৰি পেলালে কেইটামান টকা লোভীয়া মানুহে৷ গতিকে অন্তৰত বৰ দুখ পালোঁ৷ চৰকাৰে, গৃহ বিভাগে জুবিনৰ এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে ৰৈ থাকিব লগীয়া হৈছে৷ বিহু যেনেকৈ আমাৰ জাতীয় উৎসৱ, তেনেকৈ জুবিন আমাৰ জাতীয় গৌৰৱ, জাতীয় সম্পদ৷ ড॰ ভূপেন হাজৰিকা, খগেন মহন্ত, বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদে আমাক বহুতো দি থৈ গ’ল৷ কিন্তু জুবিন গাৰ্গে আমাক আৰু বহুত দিবলৈ বাকী থাকিল৷
সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জাগীৰোডত এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিহু সম্ৰাট খগেন গগৈয়ে৷ এসময়ত জুবিন গাৰ্গৰ লগত সংগীতৰ কাম কৰা বিহু সম্ৰাট খগেন গগৈ মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহি আৱেগিক হৈ পৰে৷ উল্লেখ্য, জাগীৰোডৰ জাগী গোহাঁই চকী সাংস্কৃতিক চ’ৰা আৰু পুথিভঁৰালৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি লোক সংগীতৰ শিল্পী খগেন গগৈয়ে জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু জুবিন গাৰ্গৰ গীত গাই ভাৰতীয় আইন ব্যৱস্থাৰ মাজেৰে জুবিনৰ ন্যায় বিচাৰ হ’ব বুলি আশা কৰে৷ আহোম ৰজাৰ দিনৰ ন্যায় ব্যৱস্থাটো বহুত ভাল আছিল৷
দোষীৰ ধৰি আনি নচচা শূলত দে৷ এতিয়া অসমত বা ভাৰতত ন্যায় ব্যৱস্থা অতি লেহেমীয়া৷ জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি আমি অসমবাসীয়ে এতিয়া ৰৈ ৰৈ বিনাব লগা হৈছে৷ জুবিনৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি গালে জুবিনৰ কেইবাটাও গীত৷ লগতে আমি বিহু পতা নপতা সন্দৰ্ভতো মতপোষণ কৰি-বিহু পাতি জুবিনক জীয়াই ৰাখিব লাগিব বুলি কয়৷ বিহু নাপাতিলে ধনীসকল নমৰে, দুখীয়া শিল্পীসকলহে মৰিব বুলিও কয়৷

