কেমেৰাৰ আগত প্ৰথমবাৰ (Zubeen Garg Death Case) মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই। জুবিনৰ গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত SITএ তলব কৰিছিল ১১ প্ৰৱাসী অসমীয়াক। তাৰেই ১০ জনেই SITৰ সৈতে সহযোগ কৰিছে। বুধবাৰে নিশা কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকা আৰু অভিমন্যু তালুকদাৰে।
অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই সংবাদমাধ্যমৰ আগত ক’লে, ‘য়টত আছিল ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়া। আমি ১০ জনেই SITৰ সন্মুখত উপস্থিত হৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমিও বিচাৰিছোঁ। ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো আমি সহযোগিতা কৰিছোঁ, তন্ময় ফুকনে আমাক য়ট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল’ বুলি কয় দেৱজ্যোতি হাজৰিকাই।
আনহাতে অভিমন্যু তালুকদাৰে ক’লে ‘আৰক্ষীক তদন্তত সম্পূৰ্ণ সহযোগ কৰিম, জুবিন দাৰ ন্যায় বিচাৰো, পৰৱৰ্তী পৰ্যায়ত ৰাইজক সকলো খুলি ক’ম, ছিংগাপুৰতো চলি আছে তদন্ত, পৰীক্ষা কৰিছে সকলো CCTV ভিজুৱেল মাতিলে তদন্তৰ খাতিৰত পুনৰ অসমলৈ আহিম।’

