জুবিনৰ সমাধিক্ষেত্ৰত জীয়াই আছে “মায়া”…

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোৰ পৰা জুবিনৰ সমাধিৰ কাষতে আছিল এটা কুকুৰ। বিগত ৩০টা দিনে সেই কুকুৰটো জুবিনৰ সমাধিৰ কাষৰ পৰা আঁতৰ হোৱা নাই। সমাধিৰ আশে-পাশে নাইবা সমাধিৰ কাষতেই শুই থাকে কুকুৰটো। গৰিমা গাৰ্গে উক্ত কুকুৰটোৰ নাম দিছিল ‘মায়া’।

মায়া আছিল জুবিনৰ সমাধি ক্ষেত্ৰৰ অতন্দ্ৰ প্ৰহৰী। দিনে-ৰাতিয়ে সদায়েই জুবিনৰ সমাধিৰ কাষতেই দেখা গৈছিল মায়াক। জীৱিত কালত জুবিনৰ জীৱ-জন্তুৰ প্ৰতি থকা মৰম যেন বুজি পাইছিল মায়াই। সেয়েহে মৃত্যুৰ পাছতো জুবিনক অকলশৰীয়া কৰা নাছিল মায়াই।

কিন্তু যোৱা ১৮অক্টোবৰ, ২০২৫ৰ নিশা বিয়পি পৰিল এটা খবৰ। একাংশ সংবাদমাধ্য়মেও প্ৰকাশ কৰিলে যে, জুবিন সমাধিক্ষেত্ৰৰ মায়াৰ মৃত্যু হৈছে। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ লগে লগে সকলোৱে দুখ প্ৰকাশ কৰিলে। কিন্তু এই খবৰ সচাঁ নাছিল।

জুবিন সমাধি ক্ষেত্ৰৰ মায়াৰ মৃত্যু হোৱা নাই। মায়া এতিয়াও জীয়াই আছে। জুবিন গাৰ্গৰ সমাধিৰ কাষতেই পুনৰ দেখা পোৱা গ’ল মায়াক।

Related Articles