Rita Chowdhury: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

জুবিনক্ষেত্ৰত প্ৰৱেশক (Rita Chowdhury) লৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ। মুখ্যমন্ত্ৰীক ক’লে বিশিষ্ট সাহিত্যিকগৰাকীয়ে-

‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷

জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।

সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে৷

জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।

মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷

এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ৷

আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।’

Related Articles