Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ

বহুল প্ৰচলিত, ভাৰতৰ এখন (Zubeen Garg) বিখ্যাত কাকত ‘আনন্দ বাজাৰ পত্ৰিকা’ই বেষ্টচেলাৰ হিচাপে উল্লেখ কৰিলে এখন সদ্যপ্ৰকাশিত অসমীয়া গ্ৰন্থক। গ্ৰন্থখন হ’ল ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ পৰিচিত ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’। জানিব পৰা মতে ১৯ ছেপ্টেম্বৰত আকস্মিকভাৱে ছিংগাপুৰত অকাল মহাপ্ৰয়াণ ঘটা হাৰ্টথ্ৰ’ৱ কণ্ঠশিল্পী জুবিন গাৰ্গে লিখা আৰু গোৱা গানৰ লগতে তেওঁ ৰচিত কবিতাক গল্পৰ ৰূপ দি প্ৰকাশিত গ্ৰন্থ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শেহতীয়াকৈ মুকলি কৰা হৈছে। অসম পাবলিচিং কোম্পানীয়ে গ্ৰন্থখন প্ৰকাশ কৰিছে। মুকলি কৰাৰ লগে লগে গ্ৰন্থখনে ৰাজ্যজুৰি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ প্ৰকাশক সঞ্জয় সান্যালে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ পৰিবৰ্ধিত-পৰিমাৰ্জিত সংস্কৰণ প্ৰকাশ কৰা হৈছে বুলি সদৰী কৰি আজি ইয়াত সাংবাদিকক তেওঁ জানিবলৈ দিয়ে, “ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ যথেষ্ট পঢ়ুৱৈয়ে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন আদৰি লৈছে। এমাজনতো কিতাপখনৰ প্ৰতি ৰাইজৰ সঁহাৰি সন্তোষজনক।

আনকি পঢ়ুৱৈৰ সহাঁৰিৰ বাবেই আমি এই বছৰ প্ৰকাশ কৰা গ্ৰন্থ সম্ভাৰৰ বেষ্টচেলাৰৰ তালিকাভুক্ত হৈছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ কিতাপখন।” উল্লেখ্য যে অসমীয়াৰ লগতে ভাৰতীয় ইংৰাজী সাহিত্যতো ঔপন্যাসিক হিচাপে সমাদৃত তৰুণ লেখক নীলিম আকাশ কাশ্যপে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন ৰচনা কৰিছে। নলবাৰীৰ সন্তান তথা তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপে সংবাদ মাধ্যমক অৱগত কৰা মতে গ্ৰন্থখনত ‘পাখি পাখি এই মন’, ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘শব্দ যদি প্ৰেৰণা হয়’, ‘কাৰ পৰশ’, ‘অন্ধ আকাশ, ৰুদ্ধ বতাহ’, ‘দিয়া ঘূৰাই দিয়া’ আদিকে ধৰি জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পোৱা কেইবাটাও গানক গল্পৰ ৰূপ দিয়া হৈছে। ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ত জুবিন গাৰ্গ ৰচিত ‘চক্র’, ‘মেটামৰফ’চিছ’, ‘তুমি’, ‘পদধ্বনি’ আদিকে ধৰি বহুকেইটা কবিতাকো গল্পৰূপ দিয়া হৈছে বুলি সদৰী কৰা নীলিম আকাশ কাশ্যপে কয়, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানসেৰে পৰিবৰ্ধিত আৰু পৰিমাৰ্জিত ৰূপত প্ৰকাশিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখনত শিল্পীগৰাকীয়ে গোৱা গান আৰু লিখা কবিতাক গল্পৰ মাধ্যমেৰে নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰাৰ লগতে গ্ৰন্থখনত জুবিন গাৰ্গৰ শৈশৱৰ পৰা অন্তিম শয়নলৈকে বিভিন্ন ফটো সংকলিত কৰা হৈছে।”

জানিব পৰা মতে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শীৰ্ষক গ্ৰন্থখনত জুবিন গাৰ্গ সম্পৰ্কত অনুৰাগী ৰাইজৰ চমু মতামতৰ উপৰিও শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ উপৰি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° কমল কুমাৰ তাঁতী, পবিত্ৰ মাৰ্ঘেৰিটা, ৰবচন বৰুৱা, জুবলি বৰুৱা, দেৱ বৰকটকী, দিগন্ত ভাৰতী, যতীন বৰা, ৰাজেশ ভূঞা, তৃতীয় শ্ৰেণীৰ ছাত্ৰী চান্‌ভি কাশ্যপ, প্ৰাণজিৎ শইকীয়া, হেমন্ত শৰ্মা আদিৰ জুবিন গাৰ্গ সম্পৰ্কীয় তথ্যগধূৰ লেখা আৰু মন্তব্যও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে নলবাৰীৰ সন্তান, তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰি উলিয়াইছে। ভাৰতৰ এগৰাকী আগশাৰীৰ প্ৰচ্ছদ শিল্পী সৌৰিশ মিত্ৰই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ বেষ্টচেলাৰ গ্ৰন্থখনৰ প্ৰচ্ছদ সজ্জা কৰিছে।

Related Articles