Guwahati । গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ জি এম চি–ৰ মেয়ৰ মৃগেন শৰণীয়া।আৰু উক্ত অনুষ্ঠানত ভাগ লৈ তেখেতে কয়,গুৱাহাটী মহানগৰীৰ আধুনিকীকৰণক লক্ষ্য কৰি পৌৰ নিগম চলাই থকা বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই বিষয়ে উল্লেখ কৰি তেখেতে কয় যে নাগৰিকসকলক নিশ্চিন্ত,
সুৰক্ষিত আৰু পৰিচ্ছন্ন নগৰ পৰিবেশ প্ৰদান কৰাই জি এম চি –ৰ মূল দায়িত্ব।

উদ্বোধনী সভাত বক্তব্যত মেয়ৰ শৰণীয়াই স্পষ্টভাৱে কয়, “গুৱাহাটী আমাৰ দায়িত্ব আৰু আমাৰ গৰ্ব।
নগৰৰ ৰূপ-ৰেখা শৃংখলিত ৰূপে গঢ়ি তুলিবলৈ জি এম চি দিনে-ৰাতি কাম কৰি আছে। এই পদপথ পুনঃউন্নয়ন উদ্যোগও সেই বৃহৎ লক্ষ্যৰ অংশ।”

তেওঁ কয় যে জিএম চি–এ নগৰৰ প্ৰতিটো অঞ্চলৰ পথ-পথাৰত সুষ্ঠুভাৱে পদযাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে একাধিক উন্নয়ন প্ৰকল্প চলাইছে।
গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন কাম সম্পূৰ্ণ নিগমৰ ৰাজহ পুঁজিৰে কৰা হৈছে আৰু এই কামে গণ–চলাচল আৰু পথ-ব্যৱস্থাপনক উল্লেখযোগ্যভাৱে সুধাৰিব বুলি মেয়ৰৰ আশা।

মেয়ৰ শৰণীয়াই লগতে উল্লেখ কৰে—“নগৰৰ অভ্যন্তৰীণ গাঁথনি মজবুত হ’লে উন্নয়ন নিজেই বেগবান হয়।
নাগৰিকৰ সুবিধাক প্রথম অগ্ৰাধিকাৰ, আৰু আগলৈও এই কাম অধিক তীব্ৰভাৱে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।”
উল্লেখ্য, উদ্বোধনী অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তি, স্থানীয় ৰাইজ আৰু জিএমচি–ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

